শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ
ইউটিউবত থকা আটাইবোৰ ভিডিঅ' চাবলৈ কিমান সময় লাগিব জানেনে?

ইউটিউবত থকা আটাইবোৰ ভিডিঅ’ চাবলৈ কিমান সময় লাগিব জানেনে?

Raj Saikia
Raj Saikia | Published: 20 Aug 2025 22:28 PM

যদি আপুনি এতিয়া ইউটিউবত ভিডিঅ’ চাবলৈ আৰম্ভ কৰে, তেন্তে কেতিয়া ভিডিঅ’বোৰ চাই শেষ কৰিব পাৰিব? তথ্য অনুসৰি ইউটিউবত মুঠ ভিডিঅ’ৰ সংখ্যা এতিয়া ৫০ কোটিতকৈও অধিক।

ইউটিউব হৈছে গুগলৰ মূল কোম্পানী আলফাবেটৰ মালিকানাধীন এটা ছ’চিয়েল মিডিয়া প্লেটফৰ্ম। এই ছ’চিয়েল মিডিয়া প্লেটফৰ্মটো মুকলি কৰা হৈছিল ২০০৫ চনৰ ১৪ ফেব্ৰুৱাৰীত। ষ্টিভ চেন, চাড হাৰ্লি, আৰু জৱাদ কৰিমে প্ৰতিষ্ঠা কৰিছিল কোম্পানীটো। পিছলৈ কোম্পানীটো আলফাবেটৰ অধীনলৈ আহিল।

কিন্তু বহুতে মাজে মাজে এটা অদ্ভুত প্ৰশ্ন কৰে। যদি আপুনি এতিয়া ইউটিউবত ভিডিঅ’ চাবলৈ আৰম্ভ কৰে, তেন্তে কেতিয়া ভিডিঅ’বোৰ চাই শেষ কৰিব পাৰিব? তথ্য অনুসৰি ইউটিউবত মুঠ ভিডিঅ’ৰ সংখ্যা এতিয়া ৫০ কোটিতকৈও অধিক।

এই বছৰৰ এক হিচাপ মতে প্ৰতিদিনে প্ৰায় ২৬ লাখ ভিডিঅ’ ইউটিউবত আপলোড কৰা হয়। আৰু এদিনত যিমান ভিডিঅ’ আপলোড হয়, সেয়া চাবলৈ হয়তো ৮২ বছৰ লাগিব। ফলত ৫০ কোটিতকৈ অধিক ভিডিঅ’ চাবলৈ কিমান সময় লাগিব পাৰে সেয়া সহজেই অনুমান কৰিব পাৰি।

অষ্ট্ৰেলিয়াৰ ইউটিউবাৰ ‘ৰয়েল’ছ টেকনিকেল হেল্প’ এ প্ৰতি ৫ ঘণ্টাৰ মূৰে মূৰে এটা ভিডিঅ’ আপলোড কৰে। তেওঁৰ ইউটিউব একাউণ্টত ২৪ লাখৰো অধিক ভিডিঅ’ আছে। যিহেতু যিকোনো ব্যক্তিয়ে ইউটিউবত ভিডিঅ’ আপলোড কৰিব পাৰে, গতিকে ভিডিঅ’ৰ সংখ্যা অহৰহ বাঢ়িছে।

কিন্তু সময়ৰ লগে লগে কোম্পানীটোৱে তেওঁলোকৰ গোপনীয়তা নীতিকে ধৰি কেইবাটাও নীতি সলনি কৰি আহিছে। আৰু সেইবাবেই এই ৱেবচাইটৰ পৰা বহু ভিডিঅ’ আঁতৰাই দিয়া হৈছে।