শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ
Indian Railways: হাইপাৰলুপে কেনেকৈ সহায় কৰিব জানেনে?

Indian Railways: হাইপাৰলুপে কেনেকৈ সহায় কৰিব জানেনে?

Barasha Misra
Barasha Misra | Published: 12 Mar 2025 23:45 PM

আই আই টি মাদ্ৰাজে এই হাইপাৰলুপ নিৰ্মাণ কৰিছে আৰু ভাৰতীয় ৰে’লৱে সহযোগিতা আগবঢ়াইছে। ইতিমধ্যে নিৰ্মাণ কৰা হৈছে ৪২২ মিটাৰ দৈৰ্ঘ্যৰ এটা টেষ্ট ট্ৰেক। এই টেষ্ট ট্ৰেকটো তাৰ এটা অংশ মাত্ৰ। জানিব পৰা মতে, মুম্বাই-পুনে লাইনত এই হাইপাৰলুপ প্ৰথম নিৰ্মাণ হ’ব পাৰে।

আপুনি জানেনে হাইপাৰলুপ কি? ভেকুৱাম টিউবৰ ভিতৰত ৰে’ল বা ভ্ৰমণ পডবোৰ অতি তীব্ৰ বেগেৰে চলোৱা হয়। সেই ব্যৱস্থাটোৱেই হ’ল হাইপাৰলুপ। ৰে’ল বা হাইপাৰলুপে ইয়াৰ মাজেৰে ঘণ্টাত ১১০০ কিলোমিটাৰ বেগেৰে যাত্ৰা কৰিব পাৰে। ধৰক কলকাতাৰ পৰা কাশ্মীৰৰ দূৰত্ব প্ৰায় ২৩৪০ কিলোমিটাৰ। অৰ্থাৎ হাইপাৰলুপে মাত্ৰ দুঘণ্টাতে সেই দূৰত্ব অতিক্ৰম কৰাব পাৰে। বতাহৰ সৈতে কোনো ঘৰ্ষণ নহয়, গতিকে গতি বহুত বেছি।

আই আই টি মাদ্ৰাজে এই হাইপাৰলুপ নিৰ্মাণ কৰিছে আৰু ভাৰতীয় ৰে’লৱে সহযোগিতা আগবঢ়াইছে। ইতিমধ্যে নিৰ্মাণ কৰা হৈছে ৪২২ মিটাৰ দৈৰ্ঘ্যৰ এটা টেষ্ট ট্ৰেক। এই টেষ্ট ট্ৰেকটো তাৰ এটা অংশ মাত্ৰ। জানিব পৰা মতে, মুম্বাই-পুনে লাইনত এই হাইপাৰলুপ প্ৰথম নিৰ্মাণ হ’ব পাৰে।

কেনেকৈ কাম কৰিব এই হাইপাৰলুপে?

এটা নলী থাকিব যিটোত বায়ুৰ ঘৰ্ষণ অনুভৱ নহ’ব। ইয়াৰ উপৰিও বিদ্যুৎচুম্বকীয় প্ৰপালচন থাকিব। যাত্ৰীসকলৰ বাবে নিৰাপদ আৰু আৰামদায়কভাবে তৈয়াৰ কৰা হ’ব। সকলো ধৰণৰ সহায়ৰ বাবে ব্যৱস্থা ভিতৰত থাকিব। কিন্তু এই হাইপাৰলুপ নিৰ্মাণৰ খৰচ অতি বেছি।