মুম্বাইত ৰাণী মুখাৰ্জীৰ বাসগৃহত ৭৭ বছৰ পুৰণি দুৰ্গাপূজা, কোন কোন আহিল সেৱা ল’বলৈ?

| Edited By: Manas Borah

Sep 29, 2025 | 10:08 PM

কলকাতাৰ সৈতে ৰাণী মুখাৰ্জীৰ পৰিয়ালৰ এক ঘনিষ্ঠ সম্পৰ্ক। সেইবাবেই তেওঁলোকে মুম্বাইত দুৰ্গা পূজাৰ আয়োজন কৰি আহিছে। ১৯৪৮ চনত ৰাণীৰ ককাক, প্ৰখ্যাত চলচ্চিত্ৰ পৰিচালক শশধৰ মুখাৰ্জীয়ে আৰম্ভ কৰিছিল এই পূজা।

বলীউডৰ অভিনেত্ৰী ৰাণী মুখাৰ্জীৰ ঘৰৰ দুৰ্গা পূজা মানেই এক বিশাল উৎসৱ। বহু বছৰৰ পৰম্পৰা, আৱেগ আৰু টানৰ সৈতে ইয়াৰ সম্পৰ্ক আছে। মুম্বাইৰ এই অন্যতম চৰ্চিত পূজাক কেন্দ্ৰ কৰি সকলোৰে কৌতুহল অধিক।

মুম্বাইৰ ছান্টাক্ৰুজত অৱস্থিত মুখাৰ্জী পৰিয়ালৰ দুৰ্গা পূজা কেৱল ঘৰুৱা অনুষ্ঠানেই নহয়, বলীউডৰ তাৰকাসকলৰ অন্যতম মিলনৰ স্থান হৈ পৰে। তাত হাজাৰ হাজাৰ লোক সমবেত হোৱা দেখা যায়। ভোগ বিতৰণৰ পৰা আৰম্ভ কৰি প্ৰতিমা বিসৰ্জনলৈকে উত্তৰ বম্বেৰ এই দুৰ্গা পূজাই সকলোৰে দৃষ্টি আকৰ্ষণ কৰে।

কলকাতাৰ সৈতে ৰাণী মুখাৰ্জীৰ পৰিয়ালৰ এক ঘনিষ্ঠ সম্পৰ্ক। সেইবাবেই তেওঁলোকে মুম্বাইত দুৰ্গা পূজাৰ আয়োজন কৰি আহিছে। ১৯৪৮ চনত ৰাণীৰ ককাক, প্ৰখ্যাত চলচ্চিত্ৰ পৰিচালক শশধৰ মুখাৰ্জীয়ে আৰম্ভ কৰিছিল এই পূজা। তাৰ পিছত তেওঁৰ পুত্ৰ আৰু ৰাণীৰ পিতৃ ৰাম মুখাৰ্জীয়ে এই পৰম্পৰা অব্যাহত ৰাখে। এতিয়া ৰাণীয়ে নিজেই এই পৰম্পৰাক আগুৱাই লৈ গৈছে।

এই পূজা নিয়ম অনুসৰি ষষ্ঠীৰ পৰা দশমীলৈ – পুষ্পাঞ্জলি, সেন্দূৰখেলা, আৰতি, ধুনুচি নৃত্যৰ পৰা আৰম্ভ কৰি সাংস্কৃতিক অনুষ্ঠানলৈকে সকলো ধুমধামেৰে অনুষ্ঠিত হয়। ৰাণীৰ পৰিয়ালৰ লোকে নিজ হাতেৰে ভোগ বিতৰণ কৰে। ৰাণীয়ে নিজেও কেতিয়াবা ভোগ ৰন্ধাত সহায় কৰে। অভিনেত্ৰী কাজলে ভনীয়েকৰ সৈতে হাত মিলাই এই পূজাৰ আয়োজন কৰে।

প্ৰতি বছৰে এই পূজাত অগণন বলীউডৰ তাৰকাই অংশগ্ৰহণ কৰে। অমিতাভ বচ্চন, অনুপম খেৰ, বিদ্যা বালান, ৰণবীৰ কাপুৰ, আলিয়া ভাট, দীপিকা পাডুকন আদি বহুকেইজনে মা দুৰ্গাৰ আশীৰ্বাদ বিচাৰি আহে।

ৰাণীৰ মতে এই দুৰ্গা পূজা তেওঁৰ জীৱনৰ লগত এনেদৰে জড়িত হৈ আছে, যিটো কেতিয়াও পৃথক কৰিব নোৱাৰি। সেয়ে ৰাণীৰ ঘৰত এই পূজা কেৱল মুখাৰ্জী পৰিয়ালৰ বাবেই নহয় – ই বলীউডৰ দুৰ্গোৎসৱৰ আন এক মুখ হৈ পৰিছে।