শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ
Dharmendra: কিয় হাস্পাতালৰ কোঠাৰ ভিতৰলৈ যাব দিয়া হোৱা নাছিল মুমতাজক?

Dharmendra: কিয় হাস্পাতালৰ কোঠাৰ ভিতৰলৈ যাব দিয়া হোৱা নাছিল মুমতাজক?

barasha-sarma
Barasha Sarma | Published: 28 Nov 2025 18:40 PM

Dharmendra: ধৰ্মেন্দ্ৰৰ মৃত্যুৱে এতিয়াও বহুতৰ মনত বিভিন্ন প্ৰশ্নৰ উত্থাপন কৰি আছে। কিয় গোপনে শেষকৃত কৰা হ'ল ধৰ্মেন্দ্ৰৰ? কিয় অনুৰাগীয়ে তেওঁক শেষবাৰ চাবলৈ নাপালে।

বলীউডৰ হি-মেন খ্য়াত ধৰ্মেন্দ্ৰৰ মৃত্যুৱে সকলোকে কন্দুৱাই গৈছে। কিন্তু কোনো অনুৰাগীয়ে তেওঁক শেষৰবাৰ চাবলৈ নাপালে। যাৰ বাবে বহুতো ক্ষোভিত হৈ আছে দেউল পৰিয়ালৰ ওপৰত। প্ৰশ্ন হয়, দেউল পৰিয়ালে কিয় এনে কৰিছে? তেওঁলোকে এতিয়ালৈকে কিয় এই সন্দৰ্ভত মাত মতা নাই? কিন্তু শেহতীয়াকৈ ধৰ্মেন্দ্ৰৰ প্ৰিয় অভিনেত্ৰী মুমতাজে বিশেষ মন্তব্য কৰিছে। ধৰ্মেন্দ্ৰ হাস্পাতালত থকাৰ সময়ত কি হৈছিল সেই সন্দৰ্ভত তেওঁ মত প্ৰকাশ কৰিছে।

মুমতাজে কয় যে, ধৰ্মেন্দ্ৰ তেওঁৰ ভাল বন্ধু আছিল। পৰিয়ালৰ সৈতেও আছিল ঘনিষ্ঠতা। যাৰ বাবে তেওঁৰ অসুস্থতাৰ বাতৰি পাই তেওঁ হাস্পাতাললৈ দৌৰি গৈছিল। কিন্তু তেতিয়াই সংঘটিত হৈছিল আচৰতি ঘটনা। তেওঁ চাবলৈ সুবিধা নাপালে ধৰ্মেন্দ্ৰক। নাৰ্ছে সোমাব নিদিলে ভিতৰত।

সবিশেষৰ বাবে চাওক ভিডিঅ’….