কিয় ইছলাম ধৰ্ম গ্ৰহণ কৰিছিল ধৰ্মেন্দ্ৰ আৰু হেমাই?
ধৰ্মেন্দ্ৰ আৰু হেমা মালিনীৰ প্ৰেম কাহিনীৰ বিষয়ে প্ৰায় সকলোৱে জানে। কিন্তু আপুনি জানেনে দুয়ো এবাৰ ইছলাম ধৰ্ম গ্ৰহণ কৰিছিল। পিছে প্ৰশ্ন হয়, কিয় দুয়ো এই ধৰ্ম গ্ৰহণ কৰিছিল?
ইছলাম ধৰ্ম গ্ৰহণ কৰিছিল অভিনেতা ধৰ্মেন্দ্ৰই। শুনি আচৰিত লাগিলেও এই কথা সঁচা। পিছে ইয়াৰ আঁৰত আছে এক বিশেষ কাৰণ। যি কাৰণ জানিবলৈ আমি কেইটামান বছৰ পাছলৈ উভতি যাব লাগিব। সেই সময়ত বলীউডত চলিছিল ধৰ্মেন্দ্ৰৰ দপদপনি। ইফালে ড্ৰিম গাৰ্ল খ্যাত হেমামালিনীয়ে নিজৰ সৌন্দৰ্য আৰু অভিনয়ৰে বহু পুৰুষৰ মন জয় কৰিছিল। সেই পুৰুষসকলৰ ভিতৰত ধৰ্মেন্দ্ৰও আছিল। হেমাৰ পৰা আঁতৰি থাকিব পৰা নাছিল ধৰ্মেন্দ্ৰ।
হেমা আৰু ধৰ্মেন্দ্ৰৰ প্ৰেম কাহিনীৰ বিষয়ে বিভিন্নজনে জানে। প্ৰথম পত্নী থকাৰ পাছতো ধৰ্মেন্দ্ৰই প্ৰেমত পৰিছিল। ধৰ্মেন্দ্ৰই হেমাক বিয়া পাতিবলৈ ইছলাম ধৰ্ম গ্ৰহণ কৰিছিল। আনকি হেমাইও ইছলাম ধৰ্ম গ্ৰহণ কৰিছিল। ইয়াৰ বাবে সলনি কৰিছিল দুয়োৰে নাম। ধৰ্মেন্দ্ৰৰ নাম দিলৱাৰ খান আৰু হেমাৰ নাম আইছা।
সবিশেষৰ বাবে চাওক ভিডিঅ’
