বাংলাদেশত পাকিস্তানৰ ISI-ৰ শাখা! চলিছে নেকি ভাৰত বিৰোধী জোঁট গঠনৰ কুচকাৱাজ?
ISI- ৰ এনে পদক্ষেপৰ উদ্দেশ্যক লৈ প্ৰশ্নৰ উত্থাপন হৈছে। ইয়াৰ দ্বাৰা পাক চোৰাংচোৱা সংস্থাটোৱে কোনো ভয়ংকৰ ষড়যন্ত্ৰ ৰচিছে নেকি, সেই সন্দৰ্ভতো চৰ্চা দেখা গৈছে। নিৰাপত্তা বিশেষজ্ঞসকলে ISI- এ এতিয়া ভাৰতৰ নিচেই কাষতে থাকি কাম-কাজ চলাব বুলি শংকা প্ৰকাশ কৰিছে।
পাকিস্তানৰ চোৰাংচোৱা সংস্থা ISI- এ বাংলাদেশত নিজৰ নতুন শাখা মুকলি কৰাৰ খবৰ পোহৰলৈ আহিছে। চুবুৰীয়া ৰাষ্ট্ৰখনত পাকিস্তানৰ চোৰাংচোৱা সংস্থাৰ শাখা মুকলিৰ খবৰ স্বাভাৱিকতেই ভাৰতৰ দিশৰ পৰা উদ্বেগৰ খবৰ হৈ পৰিছে। ISI- ৰ এনে পদক্ষেপৰ উদ্দেশ্যক লৈ প্ৰশ্নৰ উত্থাপন হৈছে। ইয়াৰ দ্বাৰা পাক চোৰাংচোৱা সংস্থাটোৱে কোনো ভয়ংকৰ ষড়যন্ত্ৰ ৰচিছে নেকি, সেই সন্দৰ্ভতো চৰ্চা দেখা গৈছে। নিৰাপত্তা বিশেষজ্ঞসকলে ISI- এ এতিয়া ভাৰতৰ নিচেই কাষতে থাকি কাম-কাজ চলাব বুলি শংকা প্ৰকাশ কৰিছে।
পোহৰলৈ অহা খবৰ অনুসৰি পাকিস্তান সেনাৰ শীৰ্ষ বিষয়াৰ এটা প্ৰতিনিধি দল শেহতীয়াকৈ বাংলাদেশ ভ্ৰমণ কৰিছিল। এই দলটোৰ নেতৃত্বত আছিল পাক সেনা প্ৰধান অসীম মুনিৰৰ সৈতে প্ৰায় সমপৰ্যায়ৰ বিষয়া শ্বাহীৰ ছামছাদ মিৰ্জা। পাক সেনা বিষয়াৰ এই ভ্ৰমণৰ সময়ত দুয়োখন দেশৰ মাজত হোৱা কিছু চুক্তি এতিয়া পোহৰলৈ আহিছে।
পাকিস্তানৰ বিৰুদ্ধে পোনপটীয়া যুদ্ধৰ বাবে সাজু আফগানিস্তান !
গুৱাহাটীত বায়ুসেনাৰ এয়াৰ শ্ব', ৰাছিয়াৰ নতুন ঘোষণা... দিনটোৰ খবৰ..
বাংলাদেশত পাকিস্তানৰ ISI-ৰ শাখা! হৈছে নেকি ভাৰত বিৰোধী জোঁট গঠন?
স্কুটিৰ দাম ১ লাখ টকা, কিন্তু আৰক্ষীয়ে জৰিমনা বিহিলে ২০ লাখ টকা
