ভাৰতত থকা ৩টা ভিছা কেন্দ্ৰ বন্ধৰ সিদ্ধান্ত বাংলাদেশৰ…
Bangladesh: বাংলাদেশে বন্ধ কৰি দিলে ভাৰতত থকা তিনিটাকৈ ভিছা কেন্দ্ৰ। ভাৰতৰ এক সিদ্ধান্তৰ পাছতে বাংলাদেশে এই পদক্ষেপ লয়। উল্লেখ্য যে, বাংলাদেশত বৃদ্ধি পাইছে উত্তেজনা। নিতৌ ন ন হিংসাৰ খবৰ পোহৰলৈ আহিছে।
মহম্মদ ইউনুছে বাংলাদেশৰ শাসনভাৰ গ্ৰহণ কৰাৰ পাছতে ভাৰতৰ সৈতে থকা দেশখনৰ সম্পৰ্ক অধিক অৱনতি ঘটিছে। দেশখনে বহু ভাৰতবিৰোধী আৰু হিন্দু বিৰোধী কাম কৰি আহিছে। কিন্তু শেহতীয়াকৈ এই উত্তেজনা চৰম সীমা পাইছে। ইয়াৰ মাজতে দেশখনে গ্ৰহণ কৰিছে এক ডাঙৰ সিদ্ধান্ত। ভাৰতত থকা তিনিটাকৈ ভিছা কেন্দ্ৰ সাময়িকভাৱে বন্ধ কৰাৰ নিৰ্দেশ বাংলাদেশৰ। নতুন দিল্লী, শিলিগুৰি আৰু আগৰতলাত থকা বাংলাদেশ উচ্চায়ুক্তৰ পৰা দূতাবাস ভিত্তিক সকলো সেৱা আৰু ভিছাৰ কাম সাময়িকভাৱে বন্ধ কৰি দিছে ঢাকাই।
উল্লেখ্য যে, বাংলাদেশত হিংসা বৃদ্ধি পোৱাৰ পাছত ভাৰতেও দেশখনত থকা কেইবাটাও ভিছা কেন্দ্ৰ বন্ধ কৰি দিছিল। তাৰ পাছতে এতিয়া বাংলাদেশে এই সিদ্ধান্ত গ্ৰহণ কৰিছে। এই সিদ্ধান্তই স্পষ্ট কৰি দিছে যে দুয়োখন দেশৰ সম্পৰ্ক আৰু অধিক অৱনতি ঘটিছে।
সবিশেষৰ বাবে চাওক এই ভিডিঅ’….
Latest Videos
কাৰ্বিভূমিৰ উত্তেজনাৰ পৰা দিল্লীৰ প্ৰতিবাদলৈ দিনটোৰ শীৰ্ষ খবৰ
আপুনি নজনাকৈয়ে WhatsApp হেক হৈছে নেকি! হেকাৰে পেলাইছে নতুন ফান্দ
ৰাতিপুৱাই পুলিচৰ ওচৰলৈ দৌৰি গ’ল উৰ্ফি জাভেদ! হঠাৎ কি হ’ল?
ভাৰতত থকা ৩টা ভিছা কেন্দ্ৰ বন্ধৰ সিদ্ধান্ত বাংলাদেশৰ...
