শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ
বাংলাদেশৰ বিৰুদ্ধে ক্ষোভ! দিল্লীৰ উচ্চায়ুক্তৰ সমীপত হিন্দু সংগঠনৰ প্ৰতিবাদ...

বাংলাদেশৰ বিৰুদ্ধে ক্ষোভ! দিল্লীৰ উচ্চায়ুক্তৰ সমীপত হিন্দু সংগঠনৰ প্ৰতিবাদ…

barasha-sarma
Barasha Sarma | Published: 23 Dec 2025 14:58 PM

Bangladesh: দীৰ্ঘদিন ধৰি বাংলাদেশত চলি আহিছে হিন্দুৰ ওপৰত অত্যাচাৰ। ইয়াৰ মাজতে আজি দিল্লীৰ বাংলাদেশৰ উচ্চায়ুক্তৰ সমীপত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে একাংশই। ইউনুছ চৰকাৰক ক্ষমা খোজাৰ দাবী জনাই প্ৰতিবাদকাৰীসকলে।

বাংলাদেশত চলি আহিছে হিন্দুৰ ওপৰত অত্যাচাৰ। কিছুদিন পূৰ্বে দেশখনত দিপু চন্দ্ৰ দাসক জীৱন্তে জ্বলাই দিয়াৰ দৰে ঘটনা সংঘটিত হৈছিল। এনে কাণ্ডৰ বিৰোধিতা কৰি ২৩ ডিচেম্বৰত দিল্লীৰ বাংলাদেশ উচ্চায়ুক্তৰ সমীপত বিশ্ব হিন্দু পৰিষদৰ সদস্য আৰু অন্যান্য হিন্দু সংগঠনৰ সদস্যসকলে প্ৰতিবাদ সাব্যস্ত কৰে। বাংলাদেশ উচ্চায়ুক্তৰ আগত প্ৰায় ১ কিলোমিটাৰ দূৰ পৰ্যন্ত আৰক্ষী মোতায়েন কৰা হৈছে।

বিশ্ব হিন্দু পৰিষদৰ দিল্লী ৰাজ্যিক সম্পাদক সুৰেন্দ্ৰ গুপ্তাৰ লগতে কেইবাজনো নেতা-সদস্যই প্ৰতিবাদস্থলীত উপস্থিত হৈছে। প্ৰতিবাদকাৰীসকলে হিন্দুসকলৰ সুৰক্ষাৰ প্ৰতি উদ্বেগ প্ৰকাশ কৰি বেনাৰ লৈ প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰতিবাদকাৰীসকলে ইউনুছ চৰকাৰৰ ক্ষমাৰ দাবী কৰিছে। লগতে কেন্দ্ৰীয় চৰকাৰৰ হস্তক্ষেপ বিচাৰিছে। প্ৰতিবাদকাৰীসকলে উত্তাল কৰি তুলিছে সমগ্ৰ পৰিৱেশ।

সবিশেষৰ বাবে চাওক এই ভিডিঅ’…