কচমছ-৪৮২ উভতিব পৃথিৱীলৈ, বিজ্ঞানীৰ সাৱধানবাণী

May 02, 2025 | 10:22 PM

১৯৭২ চনৰ মাৰ্চ মাহত পূৰ্বৰ ছোভিয়েট ইউনিয়নে উৎক্ষেপণ কৰা কচমছ ৪৮২ মহাকাশযানখন শুক্ৰ গ্ৰহৰ তথ্য সংগ্ৰহৰ বাবে ডিজাইন কৰা হৈছিল । কিন্তু বুষ্টাৰ এৰ’ৰৰ বাবে পৃথিৱীৰ কক্ষপথত ই আবদ্ধ হৈ পৰে । এই উপগ্ৰহটোৱে তেতিয়াৰ পৰাই পৃথিৱীক প্ৰদক্ষিণ কৰি আহিছে ।

পৃথিৱীৰ আকাশত আকৌ চিন্তাৰ কলিয়া ডাৱৰ ? ৰাছিয়াৰ উপগ্ৰহ কচমছ ৪৮২ পুনৰ পৃথিৱীলৈ উভতিবলৈ ধৰিছে । বিশেষজ্ঞসকলে জনোৱা মতে, উৎক্ষেপণৰ ৫০ বছৰ পাৰ হ’ল, এতিয়া এই উপগ্ৰহটো অসাৰ হৈ পৰিছে । সেয়ে হঠাৎ পৃথিৱীলৈ উভতি আহিব পাৰে । প্ৰায় এখন গাড়ীৰ সমান আকাৰৰ এই উপগ্ৰহটোৱে অহা সপ্তাহত অৰ্থাৎ ৭-১৩ মে’ৰ ভিতৰত পৃথিৱীৰ বায়ুমণ্ডলত প্ৰৱেশ কৰাৰ সম্ভাৱনা আছে । সামান্য ধ্বংস হ’লেও ইয়াৰ ধ্বংসাৱশেষ এই পৃথিৱীত পৰিব পাৰে ।

১৯৭২ চনৰ মাৰ্চ মাহত পূৰ্বৰ ছোভিয়েট ইউনিয়নে উৎক্ষেপণ কৰা কচমছ ৪৮২ মহাকাশযানখন শুক্ৰ গ্ৰহৰ তথ্য সংগ্ৰহৰ বাবে ডিজাইন কৰা হৈছিল । কিন্তু বুষ্টাৰ এৰ’ৰৰ বাবে পৃথিৱীৰ কক্ষপথত ই আবদ্ধ হৈ পৰে । এই উপগ্ৰহটোৱে তেতিয়াৰ পৰাই পৃথিৱীক প্ৰদক্ষিণ কৰি আহিছে । সেই উৎক্ষেপণৰ দশক দশক পিছত মাধ্যাকৰ্ষণ শক্তিয়ে ইয়াক দ্ৰুতগতিত পিছুৱাই লৈ গৈছে বুলি নিউয়ৰ্ক পোষ্টৰ এক প্ৰতিবেদনত প্ৰকাশ পাইছে ।

বিশেষজ্ঞসকলৰ মতে কচমছ পৃথিৱীলৈ ঘূৰি অহাটো যথেষ্ট বিপদজনক হ’ব পাৰে । অৱশ্যে, আশাকৰা হৈছে ই কোনো ডাঙৰ দুৰ্যোগৰ সৃষ্টি কৰিব নোৱাৰিব । মহাকাশ বিশেষজ্ঞ জনাথন মেকড’ৱেলৰ মতে, মহাকাশযানখন ‘সক্ৰিয় হৈ আছিল’ কাৰণ শুক্ৰৰ কঠোৰ পৰিস্থিতি সহ্য কৰিব পৰাকৈ ডিজাইনটো সৃষ্টি কৰা হৈছিল । ডাচ জ্যোতিৰ্বিজ্ঞানী মাৰ্কো লেংব্ৰকে কয় যে প্ৰতি ঘণ্টাত ১০০ মাইলতকৈ অধিক বেগত আকাশৰ পৰা পৃথিৱীৰ পৃষ্ঠত এখন বাহন চিটিকি পৰিলে যি প্ৰভাৱ পৰিব, ঠিক তেনেকুৱাই হ’ব । লেংব্ৰকে কয় যে প্ৰায় ৫০০ কিলোগ্ৰাম ওজন আৰু ১ মিটাৰতকৈ অধিক বহল উপগ্ৰহটোৰ অৱশিষ্টই উল্কাপিণ্ডৰ প্ৰভাৱৰ দৰে বিপদৰ সৃষ্টি কৰিব পাৰে ।

এই উপগ্ৰহৰ অৱশিষ্ট ক’ত পৰিব?
উপগ্ৰহটোৰ অংশবোৰ ক’ত পৰিব সেয়া তৎক্ষণাত কোৱা সম্ভৱ নহয় । এই উপগ্ৰহটো ৫২ ডিগ্ৰী উত্তৰৰ পৰা ৫২ ডিগ্ৰী দক্ষিণ অক্ষাংশৰ ভিতৰত ক’ৰবাত অৱতৰণ কৰাৰ সম্ভাৱনা আছে । অৰ্থাৎ ইউৰোপ, এছিয়া, আমেৰিকা, আফ্ৰিকা, অষ্ট্ৰেলিয়াৰ বেছিভাগ অঞ্চলকে সামৰি ল’ব । ক’ত পৰিব সেয়া সঠিকভাৱে কোৱা সম্ভৱ নহয় । যদি উপগ্ৰহটোৱে কোনো বৃহৎ ক্ষতি বা আঘাত কৰে তেন্তে আন্তঃৰাষ্ট্ৰীয় মহাকাশ আইন অনুসৰি ৰাছিয়াক আইনগতভাৱে দায়ী কৰা হ’ব পাৰে ।