শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ
কা-ৰ ভিত্তিবৰ্ষই অসমীয়া জাতিৰ বিপদ আনিবঃ দেৱব্ৰত শইকীয়া...

কা-ৰ ভিত্তিবৰ্ষই অসমীয়া জাতিৰ বিপদ আনিবঃ দেৱব্ৰত শইকীয়া…

Barasha Sarma
Barasha Sarma | Published: 03 Sep 2025 17:02 PM

শেহতীয়াকৈ কেন্দ্ৰই সলনি কৰিছে কাৰ ভিত্তিবৰ্ষ। ইয়াৰ পাছতে এই সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই। তেওঁ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাকো লক্ষ্য কৰি লয়।

কা’ৰ ভিত্তি বৰ্ষ বৃদ্ধিক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ। তেওঁ কয় যে, ১ ছেপ্টেম্বৰ অসমৰ বাবে আন এটা বেয়া দিন। এই দিনটোতে ভাৰতৰ গৃহ মন্ত্ৰালয়ে কাৰ ভিত্তিবৰ্ষ ২০২৪ চনৰ ৩১ ডিচেম্বৰলৈ বৃদ্ধি কৰিছে। ইয়াৰ অধীনত এই তাৰিখৰ ভিতৰত ভাৰতলৈ অহা কোনো নাগৰিকক বিদেশী বুলি গণ্য কৰা নহয়। কোনো নথি নোহোৱাকৈ আফগানিস্তান, পাকিস্তান আৰু বাংলাদেশৰ পৰা অহা অ-মুছলমানসকলে নাগৰিকত্ব লাভ কৰিব।

তেওঁ কয় যে, ইয়ে অসমৰ ওপৰত অধিক হেঁচা তুলিব। ইয়াৰোপৰি ই অসম চুক্তিৰ গুৰুত্ব নোহোৱা কৰিব। ইয়ে অসমীয়া জাতিৰ বিপদ আনিব। ইয়াৰোপৰি পুনৰ ৰাইজে ইয়াৰ বিৰোধিতা কৰিব লাগে বুলি শইকীয়াই কয়।