শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ
টকাৰ বিনিময়ত আমেৰিকাক পাৰমাণৱিক বোমাৰ গোপন তথ্য যোগান...

টকাৰ বিনিময়ত আমেৰিকাক পাৰমাণৱিক বোমাৰ গোপন তথ্য যোগান…

Trishna Kalita
Trishna Kalita | Published: 28 Jan 2026 20:39 PM

৭৫ বছৰীয়া চীনা সেনাৰ জেনেৰেল ঝাংগ ইউজিয়া চীনৰ সেনাবাহিনীৰ সৰ্বোচ্চ সংস্থা কেন্দ্ৰীয় সামৰিক আয়োগৰ উপাধ্যক্ষ। তেওঁৰ বিৰুদ্ধে চীনৰ পাৰমাণৱিক অস্ত্ৰৰ সৈতে জড়িত ‘কোৰ টেকনিকেল ডাটা’ আমেৰিকালৈ চোৰাংভাৱে সৰবৰাহ কৰাৰ অভিযোগ উত্থাপন হৈছে।

চীনৰ সেনাবাহিনীৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ কোনো নতুন কথা নহয়! কিন্তু শেহতীয়াকৈ চীনত তেনেকুৱা ডাঙৰ বিতৰ্কৰ সৃষ্টি হোৱা নাই। এই বিতৰ্ক চীনৰ সেনাৰ পাৰমাণৱিক বোমা সম্পৰ্কীয় ‘টপ ছিক্ৰেট’ বা অতি গোপনীয় নথি-পত্ৰৰ পৰাই আৰম্ভ হৈছিল। ৱাল ষ্ট্ৰীট জাৰ্নেলে প্ৰকাশ কৰা অনুসৰি চীনৰ এজন শীৰ্ষ সামৰিক বিষয়াই সেই ‘টপ ছিক্ৰেট’ ফাইলবোৰ গোপনে আমেৰিকালৈ সৰবৰাহ কৰিছিল। ফলত চীনৰ পাৰমাণৱিক বোমা নিৰ্মাণৰ সকলো কাৰ্যকলাপ ৱাশ্বিংটনত ফাদিল হৈছিল।