চাট জিপিটি নে চীনৰ কৃত্ৰিম বুদ্ধিমত্তা কোম্পানী ডিপছেক, কোন বেছি শক্তিশালী ?
চাট জিপিটি নে চীনৰ কৃত্ৰিম বুদ্ধিমত্তা কোম্পানী ডিপছেক, কোন বেছি শক্তিশালী ? ইয়াকে লৈ এতিয়া চলি আছে এক শীতল যুদ্ধ। ইফালে আমাৰ দেশৰ কেন্দ্ৰীয় বিত্ত মন্ত্ৰালয়ে তাত কৰ্মৰত কৰ্মচাৰীসকলক জাৰি কৰিছে এক নিৰ্দেশ । কিন্তু কেৱল ভাৰতেই এনে সিদ্ধান্ত লোৱা নাই । শেহতীয়াকৈ অষ্ট্ৰেলিয়া আৰু ইটালীয়েও লৈছে একেধৰণৰ সিদ্ধান্ত ।
কেন্দ্ৰীয় বিত্ত মন্ত্ৰালয়ে সকলো কৰ্মচাৰীকে কোনো কাৰ্যালয়ৰ কামত Chat GPT বা DeepSecৰ দৰে কোনো ধৰণৰ কৃত্ৰিম বুদ্ধিমত্তা ব্যৱহাৰ নকৰিবলৈ নিৰ্দেশ দিছে । কাৰণ এই ধৰণৰ কৃত্ৰিম বুদ্ধিমত্তা ব্যৱহাৰ কৰিলে বিভিন্ন ধৰণৰ চৰকাৰী আৰু গোপন তথ্য আন দেশে লাভ কৰাৰ আশংকা বহু পৰিমাণে বৃদ্ধি পাব । ইয়াৰ পূৰ্বেও অষ্ট্ৰেলিয়া আৰু ইটালী চৰকাৰে ডিপছেকৰ ওপৰতো আৰোপ কৰিছিল একেধৰণৰ নিষেধাজ্ঞা ।
অ’পেন এআইৰ প্ৰতিষ্ঠাপক ছেম অল্টমেনে বুধবাৰে ভাৰত ভ্ৰমণ কৰাৰ কথা । জানিব পৰা মতে, ছেম অল্টমেনে সাক্ষাৎ কৰিব ভাৰতৰ তথ্য প্ৰযুক্তি মন্ত্ৰী অশ্বনী বৈষ্ণৱক । তেওঁৰ ভ্ৰমণৰ পূৰ্বে ছ’চিয়েল মিডিয়াত বিয়পি পৰিছিল চাট জিপিটি বা ডিপছেকৰ দৰে কৃত্ৰিম বুদ্ধিমত্তাৰ ব্যৱহাৰৰ ওপৰত নিষেধাজ্ঞা আৰোপৰ কথা ।
Latest Videos
মুখ্যমন্ত্ৰীৰ সকীয়নিৰ পৰা বিহাৰ নিৰ্বাচনৰ বতৰালৈ দিনটোৰ শীৰ্ষ খবৰ
শ্বাহৰুখ খানৰ প্ৰাইভেট জেটখনৰ ভিতৰৰ অংশ দেখিলে আচৰিত হ'ব আপুনি
খাদ্য বাৰে বাৰে গৰম কৰি খোৱা উচিত হয়নে? চাওক বিশেষজ্ঞৰ মত
শীতকালত বৃদ্ধি পাই ব্লাড চুগাৰ,ডায়েবেটিকৰ বাবে চিকিৎসকৰ পৰামৰ্শ..
