বাংলাদেশৰ আঁৰত চীন-পাকিস্তানৰ গোপন অভিসন্ধি! আমেৰিকাৰ প্ৰতিবেদনত ফাদিল গোপন ৰহস্য
আমেৰিকাৰ চোৰাংচোৱা সংস্থাই দাবী কৰে যে এই দুয়োখন দেশে কোনো ষড়যন্ত্ৰক জড়িত হৈ আছে। প্ৰতিবেদনত কোৱা মতে, চীনে প্ৰশিক্ষণ দিছে আৰু বাংলাদেশে খেলিছে। দেশখনে পদ্মা নদীৰ পাৰত নিজাকৈ সামৰিক আন্তঃগাঁথনি নিৰ্মাণ কৰি থকাৰ তথ্যও প্ৰকাশ পাইছে এই প্ৰতিবেদনত।
ভাৰত-পাকিস্তানৰ উত্তেজনাৰ মাজতে আমেৰিকাৰ চোৰাংচোৱা সংস্থাই প্ৰকাশ কৰা এক প্ৰতিবেদনত উন্মোচিত হৈছে চাঞ্চল্যকৰ তথ্য। আমেৰিকাৰ বাৰ্ষিক প্ৰতিবেদনত বিশেষ গুৰুত্ব দিয়া হৈছে বাংলাদেশ-চীনৰ ভাবুকি আৰু ষড়যন্ত্ৰক। আমেৰিকাৰ চোৰাংচোৱা সংস্থাই দাবী কৰে যে এই দুয়োখন দেশে কোনো ষড়যন্ত্ৰক জড়িত হৈ আছে। প্ৰতিবেদনত কোৱা মতে, চীনে প্ৰশিক্ষণ দিছে আৰু বাংলাদেশে খেলিছে। দেশখনে পদ্মা নদীৰ পাৰত নিজাকৈ সামৰিক আন্তঃগাঁথনি নিৰ্মাণ কৰি থকাৰ তথ্যও প্ৰকাশ পাইছে এই প্ৰতিবেদনত।
বাংলাদেশৰ উপৰিও চীনৰ সামৰিক আন্তঃগাঁথনি সম্প্ৰসাৰণৰ লগত জড়িত দেশসমূহৰ তালিকাত ম্যানমাৰ, থাইলেণ্ড, ইণ্ডোনেছিয়া, পাকিস্তান, শ্ৰীলংকা, ইউএই, কিউবা, কেনিয়া, গিনি, ছিচেলছ, তাঞ্জানিয়া, এংগোলা, নাইজেৰিয়া, নামিবিয়া, মোজাম্বিক, গাবন, পপুৱা নিউগিনি, ছোলেমন দ্বীপপুঞ্জ আৰু তাজিকিস্তান আদিক অন্তৰ্ভুক্ত কৰা হৈছে। ইয়াৰ উপৰিও প্ৰতিবেদনত দাবী কৰা হৈছে যে আমেৰিকা আৰু ইয়াৰ মিত্ৰ দেশসমূহক লজ্জিত কৰাৰ লগতে পূব এছিয়াৰ নিৰ্বিবাদ ৰজা হ’বলৈ এই সকলোবোৰ পৰিকল্পনা কৰিছে চীনৰ ছি জিনপিঙে ।