চৰাইদেউৰ ধাননি পথাৰত সোণাৰি যুৱ আৰু মহিলা কংগ্ৰেছৰ দল
ৰাজনীতিৰ পৰা আঁতৰি কিছু পৃথকভাৱে দাৱনীৰ ৰূপত দেখা গ'ল অৰ্ধ শতাধিক সোণাৰি যুৱ কংগ্ৰেছ আৰু মহিলা কংগ্ৰেছৰ এটি দলক।চৰাইদেউ জিলাৰ বেঙেনাবাৰীত প্ৰদীপ বসুমতাৰীৰ ঘৰৰ পথাৰত ধান কটাত ব্যস্ত যুৱ কংগ্ৰেছৰ এটা দল।
সোণোৱালি ধানেৰে ভৰিছে আঘোণৰ পথাৰ। চৌদিশে কৃষকৰ ৰাইজৰ ব্যাপক ব্যস্ততা। ইয়াৰ মাজতে চৰাইদেউৰ ধাননি পথাৰত নামিল যুৱ কংগ্ৰেছী। ৰাজনীতিৰ পৰা আঁতৰি কিছু পৃথকভাৱে দাৱনীৰ ৰূপত দেখা গ’ল অৰ্ধ শতাধিক সোণাৰি যুৱ কংগ্ৰেছ আৰু মহিলা কংগ্ৰেছৰ এটি দলক।চৰাইদেউ জিলাৰ বেঙেনাবাৰীত প্ৰদীপ বসুমতাৰীৰ ঘৰৰ পথাৰত ধান কটাত ব্যস্ত যুৱ কংগ্ৰেছৰ এটা দল।
হাতত কাঁচি লৈ জুবিন গাৰ্গৰ জনপ্ৰিয় পুৰণি বিহু গীত গায়, নৰাৰ পেঁপা বজাই ধানৰ মুঠি গোটোৱাত ব্যস্ত এইসকল যুৱ কংগ্ৰেছী। সংগ দিলে জ্যেষ্ঠ কংগ্ৰেছ কৰ্মীয়েও।
