শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ
হ'ব দৰিদ্ৰ! কেতিয়াও ধন উপাৰ্জন নকৰিব এই ৩ পদ্ধতিৰে...

হ’ব দৰিদ্ৰ! কেতিয়াও ধন উপাৰ্জন নকৰিব এই ৩ পদ্ধতিৰে…

barasha-sarma
Barasha Sarma | Updated On: 09 Oct 2025 21:36 PM

Chanakya niti: আচাৰ্য চাণক্যই মানুহক বিভিন্ন সমস্যাৰ সমাধান দি গৈছে। ধন-সম্পত্তি সন্দৰ্ভতো চাণক্যই কিছুমান বিশেষ কথা কৈ গৈছে। তেওঁৰ মতে কিছুমান কাৰণত মানুহৰ হাতত ধন নাথাকে।

সকলো মানুহে ধনী হোৱাৰ সপোন দেখে। যাৰ বাবে দিনে নিশাই একাংশই পৰিশ্ৰম কৰে। কিন্তু কিছুমানে ধন উপাৰ্জন কৰিবলৈ ছৰ্ট কাট ব্যৱহাৰ কৰে। যাৰ বাবে মানুহ সোনকালে ধনী হৈ পৰে যদিও এই ধন বেছি দিনলৈ নাথাকে। আচাৰ্য চাণক্যই মানুহক বিভিন্ন সমস্যাৰ সমাধান দি গৈছে।

চাণক্যৰ মতে, কিছুমান উপায়ৰ দ্বাৰা উপাৰ্জন কৰা ধন মানুহৰ হাতত নাথাকে। যদি আনক প্ৰতাৰণা, বেয়া পদ্ধতি, চুৰি কৰি আপুনি ধন উপাৰ্জন কৰে তেন্তে সেই ধন মাত্ৰ কিছু সময়ৰ বাবে মানুহৰ হাতত থাকে। পাছলৈ সেই মানুহ দৰিদ্ৰ হৈ পৰে।

চাণক্যৰ মতে, মানুহে সদায় সঠিক উপায়ৰ দ্বাৰা ধন উপাৰ্জন কৰিব লাগে। এনে ধনে মানুহক সন্মান দিয়ে আৰু কোনো সমস্যাৰ সৃষ্টি নকৰে।