শিশুৰ মৃত্যুৰ পিছতে কঠোৰ কেন্দ্ৰ, কফ চিৰাপ সন্দৰ্ভত ৰাজ্য চৰকাৰলৈ নিৰ্দেশনা…
যোৱা ২৪ ঘন্টাত মধ্যপ্ৰদেশত নতুনকৈ ৪ টা শিশুৰ মৃত্যু হোৱাৰ খবৰ পোৱা গৈছে। তদন্তত প্ৰকাশ পাইছে যে ৪ বছৰৰ তলৰ শিশুৰ দিব নলগা কেইবাটাও কফ চিৰাপ অবৈধভাৱে বিক্ৰী কৰা হৈছে।
কফ চিৰাপ সেৱন ফলত শিশুৰ মৃত্যুৰ খবৰে দেশজুৰি সৃষ্টি কৰিছে চাঞ্চল্যৰ। ২০টা শিশুৰ মৃত্যুৰ পিছত কলড্ৰিফ চিৰাপৰ পৰীক্ষামূলক ব্যৱস্থা গ্ৰহণ কৰা হৈছে। এই সন্দৰ্ভত অব্যাহত আছে তদন্ত । কেন্দ্ৰৰ পৰাও জাৰি কৰা হৈছে কঠোৰ নিৰ্দেশনা। সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলক ঔষধজাত সামগ্ৰীৰ অধিক কঠোৰ পৰীক্ষণ কৰিবলৈ নিৰ্দেশ দিছে স্বাস্থ্যসেৱা সঞ্চালকালয়ে (Directorate General of Health Service) ।
ইয়াৰ পূৰ্বে শিশুৰ মৃত্যুৰ সংখ্যা আছিল ১৬টা। যোৱা ২৪ ঘন্টাত মধ্যপ্ৰদেশত নতুনকৈ ৪ টা শিশুৰ মৃত্যু হোৱাৰ খবৰ পোৱা গৈছে। তদন্তত প্ৰকাশ পাইছে যে ৪ বছৰৰ তলৰ শিশুৰ দিব নলগা কেইবাটাও কফ চিৰাপ অবৈধভাৱে বিক্ৰী কৰা হৈছে। ইয়াৰ পিছত কেন্দ্ৰই সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ ড্ৰাগছ নিয়ন্ত্ৰকক নিৰ্দেশনা জাৰি কৰি ঔষধ নিৰ্মাণত ব্যৱহৃত কেঁচামালৰ প্ৰতিটো গোট পৰীক্ষা কৰিবলৈ কৈছে।