শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ
বিতৰ্কত আৰৱাল্লী, কেন্দ্ৰই দিলে নতুন ইংগিত!

বিতৰ্কত আৰৱাল্লী, কেন্দ্ৰই দিলে নতুন ইংগিত!

barasha-misra
Barasha Misra | Published: 25 Dec 2025 20:52 PM

পৰ্বতৰ ‘নতুন সংজ্ঞা’ই ভাৰতৰ আটাইতকৈ পুৰণি পৰ্বতমালাৰ অস্তিত্ব বিপদত পেলাইছে। দিল্লী-এনচিআৰক থাৰ মৰুভূমিয়ে গ্ৰাস কৰাৰ পৰা ৰক্ষা কৰি পানীৰ যোগান ধৰা পাহাৰে কেন্দ্ৰৰ এই নতুন সংজ্ঞাত অবৈধ খননৰ ভাবুকিৰ সন্মুখীন হৈছে।

বিতৰ্ক আৰু আন্দোলনৰ অন্তত অৱশেষত আৰাৱল্লী পৰ্বত সন্দৰ্ভত এটা ডাঙৰ সিদ্ধান্ত লৈছে কেন্দ্ৰীয় চৰকাৰে। সমগ্ৰ আৰাভাল্লী ৰেঞ্জত কোনো ধৰণৰ নতুন খনন বা খনন পট্টা দিয়া নহ’ব। এই আদেশ সেই সকলো ৰাজ্যকে দিয়া হৈছে য’ত আৰাৱল্লী পৰ্বতমালা আছে।

পৰ্বতৰ ‘নতুন সংজ্ঞা’ই ভাৰতৰ আটাইতকৈ পুৰণি পৰ্বতমালাৰ অস্তিত্ব বিপদত পেলাইছে। দিল্লী-এনচিআৰক থাৰ মৰুভূমিয়ে গ্ৰাস কৰাৰ পৰা ৰক্ষা কৰি পানীৰ যোগান ধৰা পাহাৰে কেন্দ্ৰৰ এই নতুন সংজ্ঞাত অবৈধ খননৰ ভাবুকিৰ সন্মুখীন হৈছে। ইয়াকে লৈ বিতৰ্ক আৰু প্ৰতিবাদ আৰম্ভ হোৱাৰ লগে লগে বুধবাৰে কেন্দ্ৰীয় পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়ে এক বিবৃতি প্ৰকাশ কৰি কয়, যে এই পাহাৰীয়া অঞ্চলটোত সমগ্ৰ আৰাৱল্লী ৰেঞ্জ অৰ্থাৎ দিল্লীৰ পৰা গুজৰাটলৈকে কোনো নতুন খনন পট্টা দিয়া নহ’ব।

ইণ্ডিয়ান কাউঞ্চিল অৱ ফৰেষ্ট্ৰী ৰিচাৰ্জ এণ্ড এডুকেশনেও আৰৱল্লী পৰ্বতমালাৰ সেই অঞ্চল আৰু প্ৰদেশসমূহ চিনাক্ত কৰিবলৈও নিৰ্দেশনা দিয়ছে, য’ত খনন সম্পূৰ্ণ নিষিদ্ধ কৰিব লাগে।