যোৰহাটত দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে সাহিত্য সভাৰ শতবৰ্ষ মহোৎসৱৰ আয়োজন
শোভাযাত্ৰাত অংশগ্ৰহণ সাহিত্য সভাৰ সভাপতি -সম্পাদক যোৰহাটৰ বিধায়কৰ লগতে সাহিত্য অনুৰাগী আৰু ছাত্ৰ- ছাত্ৰীসকলৰ। শোভাযাত্ৰাত অংশগ্ৰহণ কৰা সাহিত্য অনুৰাগীসকলে বিচাৰিলে জুবিন গাৰ্গৰ ন্যায়।
যোৰহাটত সাহিত্য সভাৰ শতবৰ্ষ মহোৎসৱ আয়োজন। আজিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে উদযাপিত হৈছে এই অনুষ্ঠানৰ। যোৰহাট চন্দ্ৰ কান্ত সন্দিকৈ ভৱনত দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজন কৰা হৈছে শতবৰ্ষ কাৰ্যসূচীৰ। অনুষ্ঠানৰ লগত সংগতি ৰাখি আয়োজন সমন্বয় যাত্ৰাৰ। অংশগ্ৰহণ কৰিছে বৰাক-ব্ৰহ্মপুত্ৰ দুই পাৰৰ সাহিত্যপ্ৰেমীয়ে। আজি পুৱা পতাকা উত্তোলনৰ পিছতে যোৰহাটৰ মাজমজিয়াত উলিওৱা হয় এক বিশাল শোভাযাত্ৰা। পতাকা উত্তোলন কৰে সভাপতি ড০ বসন্ত কুমাৰ গোস্বামীয়ে।
সহস্ৰাধিক লোকে সমস্বৰে অসম সাহিত্য সভাৰ বাকৰিত গালে “মায়াবিনী” গীত। কেন্দ্ৰীয় কাৰ্যালয়ত শতবৰ্ষ মহোৎসৱ উপলক্ষে আয়োজিত অনুষ্ঠানত এই গীত পৰিৱেশন। শোভাযাত্ৰাত অংশগ্ৰহণ সাহিত্য সভাৰ সভাপতি -সম্পাদক যোৰহাটৰ বিধায়কৰ লগতে সাহিত্য অনুৰাগী আৰু ছাত্ৰ- ছাত্ৰীসকলৰ। শোভাযাত্ৰাত অংশগ্ৰহণ কৰা সাহিত্য অনুৰাগীসকলে বিচাৰিলে জুবিন গাৰ্গৰ ন্যায়। জয় জুবিন দা ধ্বনীৰে শোভাযাত্ৰাত অংশগ্ৰহণ বহু লোকৰ।
যোৰহাটত দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজন সাহিত্য সভাৰ শতবৰ্ষ
সংসদৰ শীতকালীন অধিৱেশনৰ পৰা জনজাতিকৰণ বিতৰ্কলৈ দিনটোৰ শীৰ্ষ খবৰ
হাছিনাৰ প্ৰত্যৰ্পণ নহ’লে কি হ’ব বাংলাদেশৰ স্থিতি!
ধঁপাত সেৱনকাৰীৰ বাবে বেয়া খবৰ, নতুন বিধেয়কে বৃদ্ধি কৰিব দাম!
