বিনা অনুমতিত CCTV সংস্থাপন কৰিব পাৰিনে?
CCTV: চিচিটিভি কেমেৰা নিয়ন্ত্ৰণৰ বাবে দেশত কোনো প্ৰত্যক্ষ আইন বা নিয়ম নাই। কিন্তু কাৰো অনুমতি অবিহনে চিচিটিভি কেমেৰা লগাব পাৰি নে নোৱাৰি, সেয়া জনাটো দৰকাৰ।
যদিহে আপোনাৰ ঘৰৰ সন্মুখত ওচৰ-চুবুৰীয়াই চিচিটিভি কেমেৰা সংস্থাপন কৰে, তেন্তে আপুনি অভিযোগ কৰিব পাৰিবনে? যদি কোনোবাই আপোনাৰ অজ্ঞাতে চিচিটিভি কেমেৰা স্থাপন কৰে, তেন্তে তেওঁলোকৰ কেমেৰাত আপোনাৰ সম্পত্তি বন্দী হ’ব। ইয়াৰ উপৰি আপোনাৰ গোপনীয়তাও উলংঘা হ’ব। গতিকে এই সন্দৰ্ভত অভিযোগ দাখিল কৰিব পাৰিব। কাৰণ এয়া তথ্য সুৰক্ষা আইনৰ প্ৰত্যক্ষ উলংঘন।
যদি কেমেৰাটো আপোনাৰ খিৰিকী, দুৱাৰৰ ফালে পোনে পোনে মুখ কৰি থাকে, তেন্তে ইয়াক গোপনীয়তা উলংঘা কৰা বুলি ধৰা হয়। তেনে ক্ষেত্ৰত অভিযোগ দাখিল কৰিব পাৰি। যদি কোনো পথত গধুৰ যান-বান চলে বা যান-জঁট থাকে তেনে অঞ্চলত চিচিটিভি কেমেৰা স্থাপন কৰিলে অভিযোগ কৰিব নোৱাৰিব। এই সন্দৰ্ভত অঞ্চলটোৰ স্থানীয় আৰক্ষীৰ সৈতে এই বিষয়ে আলোচনা কৰক আৰু প্ৰয়োজনীয় আইনী বিকল্পসমূহ অন্বেষণ কৰক।
Latest Videos
ওছমান হাদীৰ হন্তাৰ প্ৰসঙ্গত বাংলাদেশৰ আজৱ দাবী, ভাৰতৰ প্ৰত্যুত্তৰ
অমিত শ্বাহৰ অসম ভ্ৰমণৰ পৰা কাশ্মীৰত কূটাঘাতৰ আশংকালৈ শীৰ্ষ খবৰ
আচৰিত দৃশ্য! গৰম মৰুভূমিত তুষাৰপাতে গঢ়িলে অভিলেখ...
ন্য়ায়ালয়ৰ ৰায়ঃ৩৪ বছৰৰ অন্তত চাকৰি ঘূৰাই পালে দীনেশে...
