ৰে’লত যাত্ৰা কৰা জ্যেষ্ঠ নাগৰিকে পুনৰ পাব নেকি ৰেহাইৰ সকাহ!
যোৱা ২৬ ডিচেম্বৰৰ পৰা ৰে'লৰ ভাড়াত হোৱা সামান্য বৃদ্ধিয়ে সাধাৰণ যাত্ৰীৰ জেপত বোজা পেলাইছে। এনে পৰিপ্ৰেক্ষিতত, আগন্তুক ২০২৬ চনৰ বাজেটত এই বিশেষ ৰেহাই পুনৰ প্ৰৱৰ্তন কৰি বয়োজ্যেষ্ঠসকলক সকাহ দিবলৈ জনসাধাৰণে চৰকাৰক দাবী জনাইছে।
অহা ১ ফেব্ৰুৱাৰীত কেন্দ্ৰীয় বাজেট দাখিল কৰিব বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে। এই বাজেটক লৈ দেশৰ প্ৰতিজন লোকৰ মনত আছে অলেখ আশা-প্ৰত্যাশা। দেশৰ জ্যেষ্ঠ নাগৰিকসকলৰ মাজতো বাজেটক কেন্দ্ৰ কৰি এটা বিশেষ বিষয়ত উৎকণ্ঠা বিৰাজ কৰিছে। বিশেষকৈ ক’ভিড কালত বন্ধ কৰি দিয়া ৰে’ল টিকটৰ ৰেহাই পুনৰ আৰম্ভ হ’বনে নাই, তাক লৈ চৰ্চা চলিছে। পূৰ্বে ৬০ বছৰৰ ঊৰ্ধ্বৰ পুৰুষে ৪০% আৰু ৫৮ বছৰৰ ঊৰ্ধ্বৰ মহিলাই ৫০% ৰেহাই লাভ কৰিছিল।
যোৱা ২৬ ডিচেম্বৰৰ পৰা ৰে’লৰ ভাড়াত হোৱা সামান্য বৃদ্ধিয়ে সাধাৰণ যাত্ৰীৰ জেপত বোজা পেলাইছে। এনে পৰিপ্ৰেক্ষিতত, আগন্তুক ২০২৬ চনৰ বাজেটত এই বিশেষ ৰেহাই পুনৰ প্ৰৱৰ্তন কৰি বয়োজ্যেষ্ঠসকলক সকাহ দিবলৈ জনসাধাৰণে চৰকাৰক দাবী জনাইছে। চৰকাৰৰ ইতিবাচক সিদ্ধান্তই লাখ লাখ জ্যেষ্ঠ নাগৰিকক উপকৃত কৰিব।
Latest Videos
ভোগালীৰ উছাহৰ পৰা ৰেজাউল কৰিমৰ কংগ্ৰেছ ত্যাগলৈ দিনটোৰ শীর্ষ খবৰ
'বাগুৰুম্বা দ’হৌ'লৈ এতিয়া আৰু মাত্ৰ কেইটামান দিনহে বাকী
হঠাৎ কি হ'ল বিৰাট পত্নীৰ? সামাজিক মাধ্যমত এক বিশেষ পোষ্ট...
বিশ্বৰ ভিতৰতে ধনী ক্ৰিকেট ব’ৰ্ড BCCIৰ ওচৰত কিমান টকা আছে জানেনে?
