শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos
Budget 2025: মধ্যবিত্ত শ্ৰেণীলৈ ডাঙৰ সকাহ! ১২.৭৫ লাখ টকা পৰ্যন্ত দিব নালাগে কৰ

Budget 2025: মধ্যবিত্ত শ্ৰেণীলৈ ডাঙৰ সকাহ! ১২.৭৫ লাখ টকা পৰ্যন্ত দিব নালাগে কৰ

trishna-kalita
Trishna Kalita | Published: 01 Feb 2025 22:08 PM

মধ্যবিত্ত শ্ৰেণীৰ ওপৰত গুৰুত্ব দি ২০২৫ চনৰ বাজেটত আয়কৰৰ ক্ষেত্ৰত সকাহ প্ৰদান কৰিছে বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে। এতিয়া দেশত ১২ লাখ টকালৈকে উপাৰ্জন কৰাসকলে দিব নালাগে কৰ। ইয়াৰ উপৰিও, মধ্যবিত্ত শ্ৰেণীয়ে ৭৫,০০০ টকাৰ মানক কৰ্তনৰ দ্বাৰাও লাভান্বিত হ'ব।

অষ্টমবাৰৰ বাবে আজি কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনে দাখিল কৰিলে বাজেট। নৰেন্দ্ৰ মোদী চৰকাৰৰ তৃতীয় কাৰ্যকালৰ এয়া প্ৰথম পূৰ্ণাংগ বাজেট (Budget 2025-26)। এই বাজেটত চৰকাৰে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে। বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে মধ্যবিত্ত শ্ৰেণীৰ ওপৰত গুৰুত্ব দি ২০২৫ চনৰ বাজেটত আয়কৰৰ ক্ষেত্ৰত সকাহ প্ৰদান কৰিছে। এতিয়া দেশত ১২ লাখ টকালৈকে উপাৰ্জন কৰমুক্ত হ’ব। ইয়াৰ উপৰিও, মধ্যবিত্ত শ্ৰেণীয়ে ৭৫,০০০ টকাৰ মানক কৰ্তনৰ দ্বাৰাও লাভান্বিত হ’ব।বাজেটত কৰা ঘোষণা অনুসৰি এইবাৰ আয়কৰ ক্ষেত্ৰত কিছু ৰেহাই পাব জনতাই। বাৰ্ষিক উপাৰ্জন ১২ লাখ টকা পৰ্যন্ত দিব নালাগে আয়কৰ। কেন্দ্ৰীয় বিত্তমন্ত্ৰীয়ে ঘোষণা কৰা অনুসৰি নতুন কৰ নীতিৰ অধীনত ১২ লাখ টকা পৰ্যন্ত কোনো আয়কৰ দিব নালাগে আপুনি । এতিয়া দেশত এক নতুন আয়কৰ আইন প্ৰণয়ন কৰা হ’ব। ইয়াৰ বাবে অহা সপ্তাহত নতুন বিধেয়ক আনিব চৰকাৰে।