শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ
চিবিল স্ক'ৰো হ’ব পাৰে বিয়াৰ বাধা! কইনাঘৰে ভাঙিলে ভাৱী দৰাৰ আশা

চিবিল স্ক’ৰো হ’ব পাৰে বিয়াৰ বাধা! কইনাঘৰে ভাঙিলে ভাৱী দৰাৰ আশা

Monjit Dutta
Monjit Dutta | Updated On: 09 Feb 2025 21:50 PM

আমাৰ সমাজত বিবাহৰ সময়ত সাধাৰণতে নানা দিশৰ বিষয়ে চোৱা হয়। ৰূপ-গুণৰ লগতে উপাৰ্জন অৰ্থাৎ আৰ্থিক বিষয়েও সম্পৰ্ক নিশ্চিত কৰাৰ ক্ষেত্ৰত প্ৰাধান্য পোৱা দেখা যায়। পিছে শেহতীয়াকৈ চৰ্চালৈ আহিছে বিবাহ ভংগৰ আন এক কাৰণ। দুগৰাকী পাত্ৰ-পাত্ৰীৰ মাজত প্ৰায় সম্পৰ্ক নিশ্চিত হোৱাৰ দিশে আগবঢ়াৰ সময়তে বিয়াৰ বাধা হৈ পৰিল চিবিল স্ক’ৰ।

দুজন ব্যক্তিৰ মাজত বিবাহৰ সময়ত সাধাৰণতে আমাৰ সমাজত নানা দিশৰ বিষয়ে চোৱা হয়। ৰূপ-গুণৰ লগতে উপাৰ্জন অৰ্থাৎ আৰ্থিক বিষয়েও সম্পৰ্ক নিশ্চিত কৰাৰ ক্ষেত্ৰত প্ৰাধান্য পোৱা দেখা যায়। পিছে শেহতীয়াকৈ চৰ্চালৈ আহিছে বিবাহ ভংগৰ আন এক কাৰণ। দুগৰাকী পাত্ৰ-পাত্ৰীৰ মাজত প্ৰায় সম্পৰ্ক নিশ্চিত হোৱাৰ দিশে আগবঢ়াৰ সময়তে বিয়াৰ বাধা হৈ পৰিল চিবিল স্ক’ৰ। দৰাৰ চিবিল স্ক’ৰ দেখিয়েই কন্যা ঘৰে প্ৰায় হ’বলগীয়া বিবাহেই ভংগ কৰিছে।

এই আজৱ ঘটনা সংঘটিত হৈছে মহাৰাষ্ট্ৰৰ মূৰ্তিজাপুৰত। ভাৱী দৰাৰ চিবিল স্ক’ৰ দেখিয়েই কন্যাঘৰৰ মন ঘূৰিল আৰু দৰাঘৰৰ পৰিয়ালক এই বিবাহ সম্ভৱ নহয় বুলিয়েই জনাই দিলে।