শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ
শ্বাহৰুখ খান সন্দৰ্ভক কি বিশেষ কথা ক'লে দীপিকাই...

শ্বাহৰুখ খান সন্দৰ্ভক কি বিশেষ কথা ক’লে দীপিকাই…

barasha-sarma
Barasha Sarma | Published: 01 Oct 2025 00:26 AM

বলীউডৰ কিং খানৰ বহু অনুৰাগী আছে। কিন্তু অনুৰাগীয়ে তেওঁৰ লগত জড়িত বহু কথা নাজানে। কিন্তু অভিনেত্ৰী দীপিকা দেছপাণ্ড এনে কিছুমান কথা প্ৰকাশ কৰিছে যাৰ বিষয়ে হয়তো বহুতো নাজানে।

বলীউডৰ এগৰাকী জনপ্ৰিয় অভিনেতা শ্বাহৰুখ খান। তেওঁৰ ব্যক্তিত্বৰ কথা প্ৰায় সকলো অনুৰাগীয়ে জানে। কিন্তু তেওঁৰ বিষয়ে বহু নজনা কথা জনালে অভিনেত্ৰী দীপিকা দেছপাণ্ডে। এক সাক্ষাৎকাৰৰ সময়ত তেওঁ কয় যে, শ্বাহৰুখ খান আৰু তেওঁ একলগে থিয়েটাৰ কৰিছিল। সেই সময়তে তেওঁলোকে লগ পাইছিল।

দীপিকাই কয় যে, শ্বাহৰুখ খানৰ ওচৰত এখন গাড়ী আছিল। সেই গাড়ীখনেৰে তেওঁ থিয়েটাৰৰ ছোৱালীসকলক ঘৰলৈ থ’ব গৈছিল। সকলোৰে সহায় কৰিছিল তেওঁ। এতিয়াও তেওঁ সকলোকে সহায় কৰে। তেওঁ কয় যে, সেই সময়ত থিয়েটাৰ শেষ হোৱাৰ সময়ত প্ৰায়ে নিশা হৈছিল। যাৰ বাবে সকলো তেওঁলোকৰ লগত কাম কৰা যুৱতীসকলক তেওঁ ঘৰলৈ যাবলগীয়াত পৰিছিল। এগৰাকী এগৰাকীকৈ তেওঁ সকলোকে ঘৰত নমাইছিল।