তিনি গগৈ একলগ হ’ব পাৰে, কিন্তু হাজাৰ গগৈ বিজেপিৰ লগত আছে: দিলীপ শইকীয়া

| Edited By:

Nov 26, 2025 | 8:18 PM

Dilip Saikia: বিৰোধিক কটাক্ষ বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াৰ। তেওঁ কয় যে, তিনি গগৈ একলগ হৈ একো কৰিব নোৱাৰে, কাৰণ বিজেপিৰ লগত হাজাৰ হাজাৰ গগৈ আছিল। অখিল গগৈ, লুৰিণজ্যোতি, গৌৰৱ গগৈক উদ্দেশ্যি এই মন্তব্য কৰে।

তিনি গগৈ একলগ হ’ব পাৰে, কিন্তু হাজাৰ গগৈ ভাৰতীয় জনতা পাৰ্টীৰ লগত আছে- এই মন্তব্য বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াৰ। ইয়াৰোপৰি বিৰোধিক কটাক্ষ কৰি তেওঁ কয় যে, বিৰোধী ৰাজনৈতিক দলতেই বদন বোৰ সোমাই আছে। বদনে সেই সময়ত লোৱা ভূমিকা আধুনিক যুগত যিয়ে লৈ আছে, তেওঁলোকেই বদন।

লগতে কয় যে, যিয়ে মাতৃভূমিৰ স্বাৰ্থৰ বিপৰীতে গৈ বিদেশীক বৰপীৰা পাৰি, সন্দেহযুক্ত নাগৰিকক ভূমিৰ পত্তা দিলে, ৰেচন কাৰ্ড বনাই দিলে, ভোটাৰ তালিকাত নাম সোমাই দিলে তেওঁলোকেই বদন।বদনৰ উত্তৰাধিকাৰী সকলে সেই মানসিকতা লৈ আছে। আমি বেদখলমুক্ত কৰা ভূমি আকৌ ঘূৰাই দিম কোৱা, মছজিদ বনাই দিম বুলি কোৱা সকল আধুনিক যুগৰ বদন।

সবিশেষৰ বাবে চাওক ভিডিঅ’