শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ
বীৰ লাচিত সেনাৰ সদস্যসহ অপহৰণত জড়িত ৮ জনক গ্ৰেপ্তাৰ...

বীৰ লাচিত সেনাৰ সদস্যসহ অপহৰণত জড়িত ৮ জনক গ্ৰেপ্তাৰ…

barasha-sarma
Barasha Sarma | Updated On: 27 Oct 2025 15:45 PM

বীৰ লাচিত সেনাৰ বিৰুদ্ধে উত্থাপন হৈছে গুৰুতৰ অভিযোগ। শেহতীয়াকৈ আৰক্ষীয়ে ৮ জনক গ্ৰেপ্তাৰ কৰিছে। অপহৰণ কাণ্ডত জড়িত থকাৰ অভিযোগত গ্ৰেপ্তাৰ হোৱা কেইজন বীৰ লাচিত সেনাৰ সদস্য বুলি জানিব পৰা গৈছে।

গোৱালপাৰাৰ ইৰছাদ খান নামৰ এজনক অপহৰণ কাণ্ড। ৫০ লাখ টকা বিচাৰি মুক্তিপণ দাবী কৰিছিল দুৰ্বৃত্তই। ত্ৰিবেণী পথৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰে অপহৃতক। এই ঘটনা সন্দৰ্ভত দিছপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ৮ অপহৰণকাৰীক। ইতিমধ্যে গ্ৰেপ্তাৰ হৈছে, ইনজামুল হক, বিশ্বজিত দলে, ৰোহণ আলী, নিতু আহমেদ, মোহন বৰা, চিন্ময় দেৱ, ৰিয়াজ আহমেদ। বিৰাজ কলিতা নামৰ আন এটা দুৰ্বৃত্তক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। আৰক্ষীয়ে জব্দ কৰে ঘটনাত ব্যৱহৃত দুখন বাহন। ধৃত আটাইকেটা যুৱক লাচিত সেনাৰ নেতা-কৰ্মী বুলি জানিব পৰা গৈছে।

আৰক্ষীয়ে আৰু উদ্ধাৰ কৰিছে আপত্তিজনক সা-সামগ্ৰী। এই সমগ্ৰ ঘটনাৰ পাছত বৰ্তমান আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে। ইফালে মুখ্যমন্ত্ৰীয়ে বীৰ লাচিত সেনা নিষিদ্ধ কৰাৰ হুংকাৰ প্ৰদান কৰিছে।