Bank Merger News: সলনি হ’ব পাৰে দেশৰ বেংকিং ব্যৱস্থা, গ্ৰাহকৰ জমা ধন কি হ’ব?
কেন্দ্রীয় চৰকাৰে শীঘ্রে এই সিদ্ধান্ত ল’ব পাৰে ৷ মানিকণ্ট্ৰলৰ এক প্ৰতিবেদন অনুসৰি, চৰকাৰী মালিকানাধীন ক্ষুদ্ৰ বেংকসমূহ বৃহৎ বেংকৰ সৈতে একত্ৰিত হ’ব পাৰে।
সলনি হ’ব পাৰে দেশৰ সমগ্ৰ বেংকিং ব্যৱস্থা। শুনা গৈছে যে, সৰু বেংকসমূহক বৃহৎ বেংকৰ সৈতে একত্ৰিত কৰাৰ পৰিকল্পনা কৰিছে কেন্দ্ৰীয় চৰকাৰে। কেন্দ্রীয় চৰকাৰে শীঘ্রে এই সিদ্ধান্ত ল’ব পাৰে ৷ মানিকণ্ট্ৰলৰ এক প্ৰতিবেদন অনুসৰি, চৰকাৰী মালিকানাধীন ক্ষুদ্ৰ বেংকসমূহ বৃহৎ বেংকৰ সৈতে একত্ৰিত হ’ব পাৰে। কোনবোৰ বেংক একত্ৰিত হ’ব পাৰে? ইণ্ডিয়ান অভাৰচিজ বেংক (IOB), চেণ্ট্ৰেল বেংক অৱ ইণ্ডিয়া (CBI), বেংক অৱ ইণ্ডিয়া (BOI) আৰু বেংক অৱ মহাৰাষ্ট্ৰ (BOM) বৃহৎ বেংকৰ সৈতে একত্ৰিত হ’ব পাৰে।
কোৱা হৈছে যে, এই বেংকসমূহ পঞ্জাৱ নেচনেল বেংক, বেংক অৱ বৰোদা আৰু ষ্টেট বেংক অৱ ইণ্ডিয়াৰ দৰে বৃহৎ বেংকৰ সৈতে একত্ৰিত হ’ব পাৰে। প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে এই প্ৰস্তাৱ পুনৰীক্ষণ কৰাৰ পিছত কেবিনেট পৰ্যায়ত আলোচনা আৰম্ভ হ’ব।