ভাৰত বাংলাদেশৰ মাজত পাৰস্পৰিক সহযোগিতা অব্যাহত থাকক: প্ৰধানমন্ত্ৰী মোদীলৈ ইউনুছৰ চিঠি
৪ জুনত ইউনুছলৈ ঈদৰ শুভেচ্ছা জনাই এখন চিঠি লিখিছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। তাত লিখা আছিল, “সকলো ভাৰতীয় আৰু ভাৰত চৰকাৰৰ হৈ ঈদ উপলক্ষে বাংলাদেশৰ জনসাধাৰণলৈ শুভেচ্ছা জ্ঞাপন কৰিছোঁ।”
৪ জুনত ইউনুছলৈ ঈদৰ শুভেচ্ছা জনাই এখন চিঠি লিখিছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। তাত লিখা আছিল, “সকলো ভাৰতীয় আৰু ভাৰত চৰকাৰৰ হৈ ঈদ উপলক্ষে বাংলাদেশৰ জনসাধাৰণলৈ শুভেচ্ছা জ্ঞাপন কৰিছোঁ।” চিঠিখনত তেওঁ এই উৎসৱৰ সাংস্কৃতিক গুৰুত্বৰ ওপৰত আলোকপাত কৰাৰ লগতে তেওঁলোকক ত্যাগ, ভাতৃত্ববোধ আৰু দয়াৰ কথাও সোঁৱৰাই দিয়ে। লগতে মহম্মদ ইউনুছৰ সুস্বাস্থ্য কামনা কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ।
প্ৰধানমন্ত্ৰীৰ পত্ৰৰ প্ৰত্যুত্তৰত ৬ জুনত এখন পত্ৰ লিখিছিল মহম্মদ ইউনুছে। পত্ৰখনত তেওঁ লিখিছে, “ঈদ-উল-আজহাই সকলোকে একত্ৰিত কৰে… আমাক সকলোকে সমগ্ৰ বিশ্বৰ মংগলৰ বাবে একেলগে কাম কৰিবলৈ অনুপ্ৰাণিত কৰে।” ইয়াৰ লগতে ভাৰত আৰু বাংলাদেশৰ মাজত পাৰস্পৰিক সন্মান আৰু সহযোগিতাৰ সম্পৰ্ক অব্যাহত থাকিব বুলি আশা প্ৰকাশ কৰে ইউনুছে। তেওঁ লিখিছে, “মোৰ বিশ্বাস আছে যে আমাৰ পাৰস্পৰিক সন্মান আৰু বুজাবুজিয়ে দুয়োখন দেশে নিজৰ জনসাধাৰণৰ বাবে একেলগে কাম কৰাৰ পথ দেখুৱাব।” পত্ৰখনত ভাৰতৰ সুখ-সমৃদ্ধি আৰু শান্তিৰ কামনা কৰে মহম্মদ ইউনুছে।