শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ
আদানীৰ সহায় লাগে বাংলাদেশক, কৰিলে এক বিশেষ আহ্বান...

আদানীৰ সহায় লাগে বাংলাদেশক, কৰিলে এক বিশেষ আহ্বান…

Barasha Sarma
Barasha Sarma | Published: 23 Feb 2025 22:48 PM

গৌতম আদানীৰ সহায় লাগে চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশত। যোৱা অক্টোবৰ মাহত আদানীয়ে চুবুৰীয়া ৰাষ্ট্ৰখনলৈ বিদ্যুতৰ যোগান হ্ৰাস কৰি দিছিল যদিও পুনৰ সহায় বিচাৰিছে ইউনুছ চৰকাৰে।

ভাৰতৰ বিশিষ্ট উদ্যোগপতি গৌতম আদানীৰ ওচৰত পুনৰ সহায়ৰ হাত পাতিবলগীয়া লৈছে বাংলাদেশৰ অন্তৱৰ্তীকালীন মহম্মদ ইউনুছ চৰকাৰে। দীৰ্ঘদিন ধৰি বাকী থকা ধন পৰিশোধ নকৰাৰ বাবে আদানীৰ কোম্পানীয়ে বাংলাদেশলৈ বিদ্যুৎ যোগান  যথেষ্ঠখিনি হ্ৰাস কৰি দিছিল।  ইয়াৰ বিপৰীতে বিদ্যুতৰ চাহিদা পূৰণৰ বাবে নতুন কোম্পানী বিচাৰি উলিওৱাৰ দৰে ডাঙৰ ডাঙৰ কথা কৈছিল অন্তৱৰ্তীকালীন চৰকাৰৰ শীর্ষ দলে। কিন্তু বাংলাদেশৰ সকলো কথা, দপদপনি যেন ফুটুকাৰ ফেনলৈ ৰূপান্তৰিত হ’ল। শীতকাল পাৰ হৈ যোৱাৰ লগে লগে সুৰ সলনি হব ধৰি চুবুৰীয়া ৰাষ্ট্ৰখনৰ।