শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ
উত্তৰ-পূবক ভাৰতৰ পৰা পৃথক কৰাৰ হুংকাৰ বাংলাদেশৰ...

উত্তৰ-পূবক ভাৰতৰ পৰা পৃথক কৰাৰ হুংকাৰ বাংলাদেশৰ…

barasha-sarma
Barasha Sarma | Published: 17 Dec 2025 19:48 PM

বাংলাদেশৰ এগৰাকী নেতাই উত্তৰ-পূবক ভাৰতৰ পৰা পৃথক কৰাৰ হুংকাৰ প্ৰদান কৰে। অৱশ্যে এয়াই প্ৰথম নহয়, ইয়াৰ পূৰ্বেও বাংলাদেশে সাতভনীক লৈ বিভিন্ন কটু মন্তব্য কৰি আহিছে। এতিয়া এই মন্তব্য ভাইৰেল হৈ পৰিছে।

পুনৰ চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশৰ মৰসাহ। উত্তৰ-পূবক ভাৰতৰ পৰা পৃথক কৰাৰ হুংকাৰ প্ৰদান কৰে এগৰাকী নেতাই। বাংলাদেশৰ নেশ্যনেল চিটিজেন পাৰ্টিৰ নেতা হাছনাত আব্দুল্লাই বিজয় দিৱসৰ পূৰ্বে এক ডাঙৰ মন্তব্য কৰে। তেওঁ কয় যে, “প্ৰয়োজন হ’লে আমি বাংলাদেশত থকা ভাৰতৰ সকলো বিচ্ছিন্নতাবাদী শক্তিক আশ্ৰয় দিম আৰু সাত ভগ্নীক পৃথক কৰিম। যিসকলে শ্বেখ হাছিনাক আশ্ৰয়, পৃষ্ঠপোষকতা, ধন আৰু প্ৰশিক্ষণ প্ৰদান কৰি আছে তেওঁলোকক পাঠ শিকাব লাগে।”

নেতাগৰাকীৰ এই মন্তব্য এতিয়া সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে। ভাৰতত ইয়াক লৈ বিভিন্ন প্ৰতিক্ৰিয়াৰ সৃষ্টিও বৃদ্ধি। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাইও প্ৰত্যুত্তৰ দিছে। অৱশ্যে এয়াই প্ৰথম নহয়, ইয়াৰ পূৰ্বেও চুবুৰীয়া ৰাষ্ট্ৰখনে বহু সময়ত সাতভনীক লৈ কটু মন্তব্য কৰি আহিছে।

সবিশেষৰ বাবে চাওক এই ভিডিঅ’…