শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos
বিদেশ ভ্ৰমণলৈ বাংলাদেশৰ ইউনুছ, চীনৰ শত্ৰু ৰাষ্ট্ৰৰ পৰা ল'ব ঋণ

বিদেশ ভ্ৰমণলৈ বাংলাদেশৰ ইউনুছ, চীনৰ শত্ৰু ৰাষ্ট্ৰৰ পৰা ল’ব ঋণ

trishna-kalita
Trishna Kalita | Published: 27 May 2025 21:50 PM

এই সন্দৰ্ভত বাংলাদেশৰ ভাৰপ্ৰাপ্ত বৈদেশিক সচিব নুৰুল আলম ছিদ্দিকিয়ে কয়, “মুখ্য উপদেষ্টা মহম্মদ ইউনুছে মঙলবাৰে চাৰিদিনীয়া ভ্ৰমণসূচীৰে জাপানলৈ ৰাওনা হ’ব। শেহতীয়াকৈ তেওঁ বিনিয়োগ আকৰ্ষণ কৰিবলৈ চীনলৈ গৈছিল। কিন্তু এইবাৰ জিংপিঙৰ শত্ৰু দেশলৈ গৈছে ইউনুছে ।

অন্ত পৰিল নেকি বাংলাদেশৰ ৰাজনৈতিক অস্থিতাৰ? পদত্যাগৰ পলম হোৱা ক্ষেত্ৰত সাময়িকভাৱে স্থিতিশীলতা দেখা গৈছে যদিও অন্তৱৰ্তীকালীন চৰকাৰৰ ভৱিষ্যত এতিয়াও সংকতত থকা বুলি প্ৰকাশ কৰিছে সূত্ৰই।  এফালে পদ্মা নদীৰ পাৰত দেখা গৈছে দেশত ৰাজনৈতিক ক্ষোভ, ইফালে সমৰ্থনৰ বাৰ্তা দিয়াৰ পিছতো এতিয়াও পৰিস্থিতি উত্তেজনাপূৰ্ণ বুলি উল্লেখ কৰিছে বহুজনে। এফালে যদি ৰাজনৈতিক অস্থিৰতা, আনফালে ৰাইজৰ মাজত সৃষ্টি হৈছে ব্যাপক ক্ষোভ। শেহতীয়াকৈ ইউনুছ চৰকাৰৰ বিৰুদ্ধে ধৰ্মঘটৰ আহ্বান জনাইছিল চৰকাৰী কৰ্মচাৰীসকলে । ইয়াৰ মাজতে চলি আছে প্ৰতিবাদী কাৰ্যসূটী। এতিয়া এই অচলাৱস্থাৰ মাজতে বিদেশ ভ্ৰমণৰ পৰিকল্পনা কৰিছে বাংলাদেশৰ মুখ্য উপদেষ্টা মহম্মদ ইউনুছে।