পথাৰৰ কাষত পৰি ৰ’ল এটি হাতী পোৱালীৰ মৃতদেহ, শুঁৰত আঘাতৰ চিন…
বৃদ্ধি পাইছে হাতী-মানুহৰ সংঘাত। ইয়াৰ মাজতে উদ্ধাৰ হয় এটি হাতী পোৱালিৰ মৃতদেহ। উদ্ধাৰ হোৱা পোৱালিটোৰ দেহত আঘাতৰ চিন স্পষ্ট হৈ আছে। ঘটনা সন্দৰ্ভত অব্যাহত তদন্ত।
ৰাজ্যত পুনৰ বন্যহস্তীৰ অকাল মৃত্যু। মৃত হাতী পোৱালিটোৰ বয়স প্ৰায় চাৰিবছৰ ৷ দুধনৈ সমজিলাৰ কৃষ্ণাই বনাঞ্চলিক কাৰ্যালয় এলেকাৰ দিঘলদাৰাত হাতী পোৱালিটো দেখা যায়। মৃত হাতীটোৰ শুঁৰত কিছু আঘাতৰ চিন স্পষ্ট হৈ আছে। ধাননি পথাৰত উদ্ধাৰ হোৱা হাতীটোক হত্যা কৰাৰ সন্দেহ প্ৰকাশ।
ঘটনাস্থলীত উপস্থিত হৈ বিভাগে আৰম্ভ কৰিছে তদন্ত। আনহাতে চিকিৎসকৰ এটা দল ঘটনাস্থলীলৈ ৰাওনা হৈছে ৷ মৰণোত্তৰ পৰীক্ষাৰ অন্ততহে পোহৰলৈ আহিব মৃত্যু হোৱাৰ প্ৰকৃত কাৰণ । গোৱালপাৰা জিলাখনত হাতী-মানুহৰ সংঘাত পূৰ্বৰ পৰাই চলি আছে যদিও শেহতীয়াকৈ যথেষ্ট পৰিমাণে বৃদ্ধি হোৱা পৰিলক্ষিত হৈছে ৷
Latest Videos
