শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ
২০২৬ ত বিধানসভা নিৰ্বাচন খেলিবলৈ সাজু গণশিল্পী মহেন্দ্ৰ হাজৰিকা

২০২৬ ত বিধানসভা নিৰ্বাচন খেলিবলৈ সাজু গণশিল্পী মহেন্দ্ৰ হাজৰিকা

Manas Borah
Manas Borah | Published: 24 Dec 2025 12:56 PM

বিহালী সমষ্টিত নিৰ্দলীয় হিচাপে নিৰ্বাচন খেলিব মহেন্দ্ৰ হাজৰিকাই। বিহালীৰ বহু লোকে তেওঁৰ সৈতে যোগাযোগ কৰা বুলি দাবী কৰিছে। শাসক-বিৰোধীৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ প্ৰকাশ শিল্পীগৰাকীৰ।

২৬ত নিৰ্বাচন খেলিবলৈ সাজু গণশিল্পী মহেন্দ্ৰ হাজৰিকাবিহালী সমষ্টিত নিৰ্দলীয় হিচাপে নিৰ্বাচন খেলিব কণ্ঠশিল্পীগৰাকীয়ে। বিহালীৰ বহু লোকে তেওঁৰ সৈতে যোগাযোগ কৰা বুলি দাবী কৰিছে তেওঁ। নিৰ্দলীয় হৈ নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ মন হাজৰিকাৰ। শাসক-বিৰোধীৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ প্ৰকাশ শিল্পীগৰাকীৰ। তেওঁ কয় যে, ৮৫৫ জন শ্বহীদ হ’ল, কিন্তু ৮০০ জনো বিদেশী নগ’ল। ৰাষ্ট্ৰীয় দললৈ আমন্ত্ৰণ জনোৱা বুলি প্ৰকাশ কৰিছে মহেন্দ্ৰ হাজৰিকাই। শাসকৰ ওপৰত ৰাইজৰ আস্থা হেৰাই যোৱাৰো অভিযোগ শিল্পীগৰাকীৰ।