BJP Assam News: বিজেপিৰ বিৰুদ্ধে ভোট চুৰিৰ অভিযোগৰ পৰা বাংলাদেশৰ উত্তেজনালৈ দিনটোৰ শীৰ্ষ খবৰ
আজি ৯ জানুৱাৰী, শুকুৰবাৰ। বহু গুৰুত্বপূৰ্ণ খবৰে আজি দিনটোত শিৰোনাম দখল কৰিছে। ভোটাৰ তালিকাক লৈ ৰাজ্যৰ ৰাজনীতি গৰম কৰি ৰাখিছে বিৰোধীয়ে। একেলগ হ'ল অজাপ-জাতীয় দল। পঢ়ক দিনটোৰ শীৰ্ষ খবৰ।
ভোটাৰ তালিকাক লৈ বিজেপিৰ বিৰুদ্ধে আক্ৰমণ অব্যাহত ৰাখিছে কংগ্ৰেছ দলে। ইতিমধ্যে কংগ্ৰেছে দাখিল কৰিছে এফ আই আৰ। প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে এয়া গণতন্ত্ৰক ভেঙুচালি কৰাৰ প্ৰয়াস বুলি অভিহিত কৰি বিষয়টোক লৈ উদ্বেগ প্ৰকাশ কৰে। ভাৰতৰ নিৰ্বাচন আয়োগে এই বিষয়ত মৌনতা অৱলম্বন কৰা বুলি সমালোচনা কৰে সভাপতিগৰাকীয়ে।
কংগ্ৰেছে ভোটাৰ তালিকা সন্দৰ্ভত তোলা অভিযোগ খাৰিজ মুখ্যমন্ত্ৰীৰ। শুকুৰবাৰে মুখ্যমন্ত্ৰীয়ে সংবাদ মাধ্যমৰ আগত কয় যে এতিয়ালৈকে যিহেতু কোনো তালিকা প্ৰকাশ হোৱা নাই, তেন্তে ভোট চুৰি কেনেকৈ হ’ব পাৰে? মুখ্যমন্ত্রীয়ে স্পষ্ট কৰি দিয়ে যে বিজেপিৰ ৰাজ্যিক সভাপতিয়ে কেৱল বুথ লেভেল এজেণ্টক নিৰ্দেশ দিছে যে অযোগ্য ভোটাৰৰ নাম বাদ দি আৰু যোগ্য ভোটাৰৰ নাম অন্তৰ্ভুক্ত কৰি নিৰ্বাচনী তালিকা সঠিক হোৱাটো নিশ্চিত কৰিব লাগে।
পুনৰ এবাৰ বিজেপিৰ বিৰুদ্ধে ভোটাৰ তালিকাক লৈ হেতালি খেলাৰ অভিযোগ অখিল গগৈৰ। আজি এক অনুষ্ঠানত ভাষণ দি নেতাগৰাকীয়ে কয় যে বিজেপিয়ে ২০২৬ ৰ নিৰ্বাচনৰ পূৰ্বে অবৈধভাৱে ভোটাৰ তালিকাৰ পৰা বিৰোধী সমৰ্থক ভোটাৰৰ নাম আঁতৰাই পেলাইছে। ৬০ টা সমষ্টিৰ প্ৰায় ১০ হাজাৰ ভোটাৰৰ নাম আঁতৰাই পেলোৱাৰ অভিযোগ তুলিছে অখিল গগৈয়ে।
