উচ্ছেদিতৰ ক্ৰন্দনৰ পৰা বায়ুসেনাৰ বিমান দুৰ্ঘটনালৈ দিনটোৰ শীৰ্ষ খবৰ
লামডিং-বদৰপুৰ লাইনত আজিও ব্যাহত হৈ আছে ৰে'ল চলাচল। দুটাকৈ ভূমিস্খলনে ব্যাপকভাৱে ক্ষতিগ্ৰস্ত কৰিছে ৰে'লপথছোৱাৰ। ফলত কেবাখনো ৰে'লৰ চলাচল বাতিল কৰিব লগীয়া হৈছে।
১. গুৱাহাটীৰ মছজিদত গাহৰি মাংস ৰখাৰ অভিযোগত গ্ৰেপ্তাৰ এজনক। মৃদুপৱন পাঠক নামৰ যুৱকজনে পাঞ্জাবাৰীৰ মছজিদত গাহৰিৰ মাংস ৰখাৰ অভিযোগ।
২. গোৱালপাৰাত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। দুস্কৃতিকাৰীয়ে ভাঙি লণ্ডভণ্ড কৰিলে মন্দিৰৰ দেৱ-দেৱীৰ মূৰ্তি। ঘটনা সন্দৰ্ভত চাহাব উদ্দীন নামৰ এজনক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে।
৩. আজি গোৱালপাৰাৰ হাচিলা বিলৰ উচ্ছেদস্থলীত উপস্থিত হয় ৰাইজৰ দলৰ বিধায়ক অখিল গগৈ। বিধায়কগৰাকী উপস্থিত হোৱাৰ পাছতেই কান্দোনত ভাগি পৰে একাংশ উচ্ছেদিত।
৪. উচ্ছেদ সন্দৰ্ভত গুৰুত্বপূৰ্ণ মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। সম্পূৰ্ণ মানৱীয় পদক্ষেপেৰে এই উচ্ছেদ চলোৱা বুলি কয় মুখ্যমন্ত্ৰীয়ে।
৫. লামডিং-বদৰপুৰ লাইনত আজিও ব্যাহত হৈ আছে ৰে’ল চলাচল। দুটাকৈ ভূমিস্খলনে ব্যাপকভাৱে ক্ষতিগ্ৰস্ত কৰিছে ৰে’লপথছোৱাৰ। ফলত কেবাখনো ৰে’লৰ চলাচল বাতিল কৰিব লগীয়া হৈছে।
৬. কেবাটাও সংগঠনে আহ্বান জনোৱা ভাৰতৰ বন্ধৰ মিশ্ৰিত প্ৰভাৱ দেখা গ’ল সমগ্ৰ দেশত। অসমত এই বন্ধ সামগ্ৰিকভাৱে শান্তিপূৰ্ণ আছিল যদিও দেশৰ আন প্ৰান্তত কেতবোৰ বিক্ষিপ্ত ঘটনা দেখা যায়।
৭. বুধবাৰে ৰাজস্থানৰ চুৰুত দুৰ্ঘটনাগ্ৰস্ত হয় বায়ুসেনাৰ এখন জাগুৱাৰ যুঁজাৰু বিমান। ৰতনগড়ৰ ভানুদা বিদাতন গাঁৱত সংঘটিত এই দুৰ্ঘটনাত দুজন লোকৰ মৃত্যু হয়। এই মৃতদেহ দুটা পাইলটৰ বুলি ধাৰণা কৰা হৈছে।