শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos
Assam News: বিটিচি নিৰ্বাচনৰ মনোনয়নৰ পৰা মোদী-পুটিনৰ বৈঠকলৈ দিনটোৰ শীৰ্ষ খবৰ

Assam News: বিটিচি নিৰ্বাচনৰ মনোনয়নৰ পৰা মোদী-পুটিনৰ বৈঠকলৈ দিনটোৰ শীৰ্ষ খবৰ

manas-borah
Manas Borah | Published: 01 Sep 2025 22:37 PM

আজি বহু গুৰুত্বপূৰ্ণ খবৰে শিৰোনাম দখল কৰিছে। বিটিচি নিৰ্বাচনৰ মনোনয়ন দাখিলৰ পৰা মোদী-পুটিনৰ বৈঠকলৈ চাওক দিনটোৰ শীৰ্ষ খবৰবোৰ...

বিটিচি নিৰ্বাচনৰ বাবে আজি মনোনয়ন দাখিল কৰিলে বিভিন্ন দলৰ বহুকেইগৰাকী প্ৰাৰ্থীয়ে। ইয়াৰ ভিতৰত আছে কেবাজনো হেভিৱেট প্ৰাৰ্থী। চিৰাং দুৱাৰ পৰিষদীয় সমষ্টিত হাগ্ৰামা মহিলাৰী, কাজলগাঁও সমষ্টিত চন্দন ব্ৰহ্ম, তামুলপুৰত প্ৰমোদ বড়ো আৰু ছালাকাটি সমষ্টিৰ বাবে লৰেন্স ইছলাৰীয়ে আগবঢ়ায় মনোনয়ন। যথেষ্ট সংখ্যক সমৰ্থনকাৰীয়ে সংগ দিয়ে প্ৰাৰ্থীসকলক

কেইবাটাও কাৰ্যসূচী হাতত লৈ সোমবাৰে শ্ৰীভূমিৰ পাথাৰকান্দিত উপস্থিত হয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। পুৱা ১০.৩০ বজাত মুখ্যমন্ত্রী শৰ্মাই শিলচৰৰ পৰা হেলিকপ্টাৰযোগে পাথাৰকান্দিত উপস্থিত হয়। পাথাৰকান্দিৰ মুন্ডুমালা খেলপথাৰত “মুখ্যমন্ত্ৰী মহিলা উদ্যোমিতা আঁচনি” ৰ অনুষ্ঠানত অংশ লৈ শৰ্মাই হিতাধিকাৰীসকলক চেক প্ৰদান কৰে।

ইয়াৰ লগতে চাওক দিনটোৰ শীৰ্ষ খবৰ…