Assam News: শ্যামকানু মহন্তৰ লেখ আৱেদনৰ পৰা ভাৰত-ৱেষ্ট ইণ্ডিজ টেষ্টলৈ দিনটোৰ শীৰ্ষ খবৰ
ছুপ্ৰিম কোৰ্টত ক্ৰিমিনেল লেখ আবেদন দাখিল কৰিছিল শ্য়ামকানু মহন্তই। জুবিনৰ মৃত্যুৰ গোচৰৰ পৰা নিজকে মুক্ত কৰাৰ বাবেই আনৰ ওপৰত দোষ জাপি দিয়াৰ চেষ্টা চতুৰ ব্যৱসায়ীজনৰ। ইয়াৰ লগতে চাওক দিনটোৰ শীৰ্ষ খবৰ।
গ্ৰেপ্তাৰৰ পূৰ্বেই ছুপ্ৰিম কোৰ্টত ক্ৰিমিনেল লেখ আবেদন দাখিল কৰিছিল শ্য়ামকানু মহন্তই। জুবিনৰ মৃত্যুৰ গোচৰৰ পৰা নিজকে মুক্ত কৰাৰ বাবেই আনৰ ওপৰত দোষ জাপি দিয়াৰ চেষ্টা চতুৰ ব্যৱসায়ীজনৰ। SIT ৰ ওপৰত বিশ্বাস নথকাৰ কথা উল্লেখ কৰি এই গোচৰ NIA অথবা CBI লৈ হস্তান্তৰ কৰাৰো দাবী।
অসমীয়াৰ প্ৰাণৰ আপোন শিল্পী জুবিন গাৰ্গৰ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন ভাৰতীয় উচ্চায়ুক্তক হস্তান্তৰ কৰিছে ছিংগাপুৰ আৰক্ষীয়ে। সম্প্ৰতি এই বিষয়ত আৰক্ষীৰ তদন্ত চলি থকাৰ বিপৰীতে জনসাধাৰণক বিষয়টোৰ সৈতে জড়িত কোনো ভিডিঅ’ বা ছবি শ্বেয়াৰ কৰাৰ পৰা বিৰত থাকিবলৈ পৰামৰ্শ দিয়া হৈছে।
চাওক দিনটোৰ ৯ টা শীৰ্ষ খবৰ