SIR News: এছ আই আৰৰ পৰা বীৰ লাচিত সেনাৰ বিতৰ্কলৈ দিনটোৰ শীৰ্ষ খবৰ
দেশৰ ১২ খন ৰাজ্যত এছ আই আৰ আৰম্ভ কৰাৰ কথা ঘোষণা কৰিলে দেশৰ মুখ্য নিৰ্বাচন আয়ুক্তই। অপহৰণ আৰু ধনদাবীৰ ঘটনাক লৈ ৰাজ্যত তীব্ৰ বিতৰ্ক। আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা আঠ অভিযুক্তৰ ভিতৰত আছে বীৰ লাচিত সেনাৰ সদস্য। ইয়াৰ লগতে চাওক দিনটোৰ শীৰ্ষ খবৰ।
আজি দেশৰ ১২ খন ৰাজ্যত এছ আই আৰ আৰম্ভ কৰাৰ কথা ঘোষণা কৰিলে দেশৰ মুখ্য নিৰ্বাচন আয়ুক্তই। এই ৰাজ্য কেইখন হৈছে ছত্তীশগড়, গুজৰাট, গোৱা, কেৰালা, লক্ষদ্বীপ, মধ্যপ্ৰদেশ, পুডুচেৰী, ৰাজস্থান, তামিলনাডু, উত্তৰ প্ৰদেশ, পশ্চিম বংগ, আন্দামান আৰু নিকোবৰ। অসমত নহয় এছ আই আৰ।
অপহৰণ আৰু ধনদাবীৰ ঘটনাক লৈ ৰাজ্যত তীব্ৰ বিতৰ্ক। আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা আঠ অভিযুক্তৰ ভিতৰত আছে বীৰ লাচিত সেনাৰ সদস্য। ইপিনে বীৰ লাচিত সেনাক নিষিদ্ধ ঘোষণাৰ সম্ভাৱনাও প্ৰকট হৈ পৰিছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ো প্ৰকাশ কৰিছে এনে এক সম্ভাৱনা।
অসমত উদ্যোগ স্থাপন সন্দৰ্ভত কৰ্ণাটকৰ কংগ্ৰেছ নেতা প্ৰিয়ংক খাৰ্গেই কৰা মন্তব্যক লৈ পুনৰ বিতৰ্ক। গৌৰৱ গগৈক কটাক্ষ কৰিছে বিজেপিয়ে। প্ৰিয়ংক খাৰ্গেক মুৰ্খ আখ্যা দিয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। অসমত উদ্যোগ প্ৰতিষ্ঠাৰ বাবে মেধাসম্পন্ন অসমীয়া মানুহ নাই বুলি এক মন্তব্য কৰিছিল প্ৰিয়ংক খাৰ্গেই।
ইয়াৰ লগতে চাওঁক দিনটোৰ শীৰ্ষ খবৰ
