শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ
Assam News: চৰকাৰী নিযুক্তিৰ পৰা প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণসূচীলৈ দিনটোৰ শীৰ্ষ খবৰ

Assam News: চৰকাৰী নিযুক্তিৰ পৰা প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণসূচীলৈ দিনটোৰ শীৰ্ষ খবৰ

Manas Borah
Manas Borah | Published: 10 Jan 2026 21:19 PM

আজি ১০ জানুৱাৰী, শনিবাৰ। বহু গুৰুত্বপূৰ্ণ খবৰে শিৰোনাম দখল কৰিছে। চৰকাৰী নিযুক্তিৰ পৰা প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণসূচীলৈ মাত্ৰ ২ মিনিটত পঢ়ক দিনটোৰ ৯ টা শীৰ্ষ খবৰ।

বৰ্তমানৰ ৰাজ্য চৰকাৰে ২০২১ চনৰ পৰা ১.৫ লাখৰো অধিক চৰকাৰী চাকৰি প্ৰদান কৰি এক বৃহৎ মাইলৰ খুঁটি অতিক্ৰম কৰিছে। শনিবাৰে ADRE অধীনত তৃতীয় বৰ্গৰ ৬ হাজাৰৰো অধিক পৰীক্ষাৰ্থীক নিযুক্তি পত্ৰ বিতৰণ কৰি এই দাবী মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। আজি সৰুসজাই ষ্টেডিয়ামত তৃতীয় বৰ্গৰ ৬,৩৪৭ গৰাকী প্ৰাৰ্থীক নিযুক্তি পত্ৰ প্ৰদান কৰে মুখ্যমন্ত্ৰী শৰ্মাই।

২০২৪ চনৰ স্বাধীনতা দিৱসৰ দিনটোত অসমৰ কেইবাটাও স্থানত আই ই ডি উদ্ধাৰ হোৱাৰ গোচৰত আৰু ২ জন অভিযুক্তৰ বিৰুদ্ধে অভিযোগনামা দাখিল এন আই এৰ। অভিযুক্ত দুজন হৈছে ভাৰ্গৱ গগৈ আৰু ছুমু গগৈ। ভাৰতীয় দণ্ডবিধিৰ বিভিন্ন ধাৰা, এক্সপ্ল’চিভ চাবষ্টেনচ এক্ট আৰু বেআইনী কাৰ্যকলাপ (প্ৰতিৰোধ) আইনৰ অধীনত দাখিল কৰা হৈছে অভিযোগনামা। গুৱাহাটীৰ এন আই এৰ বিশেষ আদালতত দাখিল কৰা হয় এই পৰিপূৰক অভিযোগনামা।

নিৰ্বাচনমুখী অসমলৈ পুনৰ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। ডিচেম্বৰ মাহত অসম ভ্ৰমণ কৰাৰ পাছত পুনৰ অহা ১৭ আৰু ১৮ জানুৱাৰীত দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিব প্ৰধানমন্ত্ৰী মোদী। এই ভ্ৰমণকালত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ প্ৰস্তাৱিত এলিভেটেড কৰিড’ৰৰ শিলান্যাস কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে। এই ভ্ৰমণসূচীৰ সময়ত ১৭ জানুৱাৰীত গুৱাহাটীত বড়োসকলৰ পৰম্পৰাগত বাগৰুম্বা নৃত্য প্ৰদৰ্শনৰ সাক্ষী হ’ব প্ৰধানমন্ত্ৰী।