শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ
Arunachal Pradesh: অৰুণাচলৰ পথ দুৰ্ঘটনাৰ পৰা ভাৰত-দঃ আফ্ৰিকাৰ টি-২০ মেচলৈ দিনটোৰ শীৰ্ষ খবৰ

Arunachal Pradesh: অৰুণাচলৰ পথ দুৰ্ঘটনাৰ পৰা ভাৰত-দঃ আফ্ৰিকাৰ টি-২০ মেচলৈ দিনটোৰ শীৰ্ষ খবৰ

manas-borah
Manas Borah | Published: 11 Dec 2025 22:37 PM

আজি বহু গুৰুত্বপূৰ্ণ খবৰে শিৰোনাম দখল কৰিছে। অৰুণাচল প্ৰদেশৰ আঞ্জাওত ভয়ংকৰ পথ দুৰ্ঘটনা। তিনিচুকীয়াৰ গেলাপুখুৰীৰ পৰা শ্ৰমিক কঢ়িয়াই নিয়া এখন ট্ৰাক বাগৰি পৰে দ খাৱৈত। অৰুণাচলৰ পথ দুৰ্ঘটনাৰ পৰা ভাৰত-দঃ আফ্ৰিকাৰ টি-২০ মেচলৈ পলকতে চাওক দিনটোৰ শীৰ্ষ খবৰ।

অৰুণাচল প্ৰদেশৰ আঞ্জাওত ভয়ংকৰ পথ দুৰ্ঘটনা। তিনিচুকীয়াৰ গেলাপুখুৰীৰ পৰা শ্ৰমিক কঢ়িয়াই নিয়া এখন ট্ৰাক বাগৰি পৰে দ খাৱৈত। এই দুৰ্ঘটনাত প্ৰাণ হেৰুৱাইছে কমেও ২০ জনকৈ শ্ৰমিকে। কামৰ সন্ধানত অৰুণাচললৈ গৈছিল শ্ৰমিককেইজন। দুৰ্ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে। অৱশ্যে মৃতকৰ সংখ্যা এতিয়াও সম্পূৰ্ণ নিশ্চিত হোৱা নাই।

বিশ্বনাথত চিণ্ডিকেটৰ নামত ধন সংগ্ৰহ কৰা পাঁচজন লোকক গ্ৰেপ্তাৰ। দীৰ্ঘদিন ধৰি ট্ৰাকচালকৰ পৰা অবৈধভাৱে গুণ্ডা টেক্স সংগ্ৰহ কৰিছিল এই লোককেইজনে। এজন ট্ৰাকচালকে ফেচবুকৰ জৰিয়তে এই বিষয়ে অৱগত কৰাৰ পাছতেই ঘটনাটো পোহৰলৈ আহে। বিশ্বনাথ চাৰিআলি পৌৰসভাৰ নামত ২০০ টকাকৈ পাৰ্কিং মাছুলো আদায় লোৱাৰ অভিযোগ তেওঁলোকৰ বিৰুদ্ধে।

বিহালীৰ বৰগাঙত চাঞ্চল্যকৰ ঘটনা। ইটাভাটাৰ মালিকৰ কামনাৰ বলি হৈ ৭ মাহৰ অন্তঃসত্বা হ’ল এগৰাকী কিশোৰী। নাবালিকাগৰাকী অন্তঃসত্বা হোৱাৰ খবৰ পোৱাৰ পাচতেই ঘটনাটো গাপ দিবলৈ তেওঁক লুকুৱাই ৰাখিছিল অভিযুক্ত মহম্মদ আলীয়ে। ইতিমধ্যে কিশোৰীগৰাকীক উদ্ধাৰ কৰা হৈছে যদিও গ্ৰেপ্তাৰ হোৱা নাই অভিযুক্ত।