শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos
Assam Flood: ১৯ খন জিলাত বানত আক্ৰান্ত প্ৰায় ৪ লাখ লোক, সকলো প্ৰকাৰৰ সহায়ৰ আশ্বাস মুখ্যমন্ত্ৰীৰ

Assam Flood: ১৯ খন জিলাত বানত আক্ৰান্ত প্ৰায় ৪ লাখ লোক, সকলো প্ৰকাৰৰ সহায়ৰ আশ্বাস মুখ্যমন্ত্ৰীৰ

raj-saikia
Raj Saikia | Published: 02 Jun 2025 18:44 PM

Assam Flood: বান আৰু ভূমিস্খলনত ৰাজ্যত প্ৰাণ হেৰুৱাইছে কমেও ৮ গৰাকী লোকে । বহুতৰেই চকুৰ সমুখতে বানৰ ধলে উটুৱাই নিছে আপোন ঘৰখন । নিৰাপদ স্থানত আশ্ৰয় গ্ৰহণ কৰি কোনোমতে প্ৰাণ ৰক্ষা কৰিছে বানাক্ৰান্তই । ঘৰ-বাৰী হেৰুৱাই নিথৰুৱা হৈ পৰিছে বহুকেইজন বানাক্ৰান্ত লোক ।

বাৰিষা আৰম্ভ, লগে লগে আহিছে বান । কেইবাদিনো ধৰি নেৰানেপেৰা বৰষুণ আৰু তাৰ পাচতেই বানত বুৰ গৈছে ৰাজ্যৰ বিস্তীৰ্ণ অঞ্চল । ১৯ খন জিলাত দেখা গৈছে বানৰ তাণ্ডৱ । বান আৰু ভূমিস্খলনত ৰাজ্যত প্ৰাণ হেৰুৱাইছে কমেও ৮ গৰাকী লোকে । বহুতৰেই চকুৰ সমুখতে বানৰ ধলে উটুৱাই নিছে আপোন ঘৰখন । নিৰাপদ স্থানত আশ্ৰয় গ্ৰহণ কৰি কোনোমতে প্ৰাণ ৰক্ষা কৰিছে বানাক্ৰান্তই । ঘৰ-বাৰী হেৰুৱাই নিথৰুৱা হৈ পৰিছে বহুকেইজন বানাক্ৰান্ত লোক ।

লখিমপুৰ, ডিব্ৰুগড়, হাইলাকান্দি, হোজাই, কামৰূপ, ধেমাজি, নগাঁও, শ্ৰীভূমি, দৰং, কাৰ্বি আংলং, শোণিতপুৰ, ডিমা হাচাও, বিশ্বনাথ, কাছাৰ, শিৱসাগৰ, মাজুলী, গোলাঘাট, তিনিচুকীয়া, পশ্চিম কাৰ্বি আংলং জিলাত বান পৰিস্থিতি জটিল হৈ পৰা দেখা গৈছে ।

অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ তথ্য অনুসৰি অসমৰ ১৯ খন জিলাত প্ৰায় ৩ লাখ ৬৪ হাজাৰ লোক বানৰ কবলত পৰিছে । প্লাবিত হৈছে প্ৰায় ৩৫২৪ হেক্টৰ কৃষিভূমি । ৫৬ টা ৰাজহ চক্ৰৰ অধীনৰ ৭৬৪ খন গাঁও বানৰ দ্বাৰা প্ৰভাৱিত হৈছে । বানত হাহাকাৰ কৰিছে বন্যাৰ্তই । বানাক্ৰান্ত অঞ্চলত স্থাপন কৰা হৈছে ১৫৫ টা সাহায্য শিবিৰ । এই শিবিৰত আশ্ৰয় গ্ৰহণ কৰিছে মুঠ ১০,২৭২ গৰাকী বন্যাৰ্তই । বানৰ দ্বাৰা ক্ষতিগ্ৰস্ত হৈছে মুঠ ২,৩৫,১৯৩ টা পশুধন । মুঠ তিনিটা মথাউৰি ক্ষতিগ্ৰস্ত হৈছে বাৰিষাৰ প্ৰথমটো বানত । তাৰোপৰি মুঠ ২৬ পথৰো ক্ষতি হৈছে বানৰ ফলত ।

আজি লখিমপুৰত বান পৰিস্থিতিৰ বুজ ল’বলৈ উপস্থিত হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা । দুৰ্যোগ প্ৰশমন বিভাগৰ লগতে উদ্ধাৰকাৰী দলসমূহে বানাক্ৰান্ত অঞ্চলত অব্যাহত ৰাখিছে উদ্ধাৰ অভিযান । ইফালে গুৱাহাটীত শুকুৰবাৰে নিশা সংঘটিত ভূমিস্খলনৰ ঘটনাত প্ৰাণ হেৰুৱায় ৫ গৰাকী লোকে । এই মৃতলোকসকলৰ পৰিয়ালক ৪ লাখ টকাকৈ এককালীন সাহায্য় প্ৰদানৰ কথা ঘোষণা কৰিছে চৰকাৰে ।