২৬ ৰ নিৰ্বাচনত বিজেপিক গোৰেশ্বৰ সমষ্টি এৰি দিব নেকি বিপিএফে? গণেশ কছাৰীৰ প্ৰতিক্ৰিয়া
সমষ্টি পুনৰ নিৰ্ধাৰণৰ পাছত বিটিআৰত বিধানসভা সমষ্টিৰ সংখ্যা ১৫ টালৈ বৃদ্ধি পালে। এই নতুন সমষ্টিটো হৈছে গোৰেশ্বৰ সমষ্টি। এই সমষ্টিটোক লৈ বিজেপি আৰু বিপিএফৰ মাজত কেনেধৰণৰ বুজাবুজি থাকিব, তাৰে এটা আভাস ল'বলৈ বিপিএফ নেতা গণেশ কছাৰীৰ সৈতে এটা বিশেষ সাক্ষাৎকাৰ।
২০২৬ চনৰ অসম বিধানসভা নিৰ্বাচনৰ বাবে প্ৰত্যেক ৰাজ্যনৈতিক দলে ৰণ কৌশল ৰচনা কৰিছে। ইতিমধ্যে এন ডি এৰ সৈতে মিত্ৰতা কৰিছে বিপিএফে। বিটিচি শাসন এতিয়া বিপিএফৰ হাতত। কিন্তু ২৬ ত বিজেপিৰ সৈতে আসন ভাগ-বতৰাক লৈ এই দুয়োটা দলৰ মাজত কেনেধৰণৰ বুজাবুজি থাকিব তাক লৈয়ো আলোচনা হৈছে।
উল্লেখ্য যে, ২০২৪ চনত অসমত সমষ্টি পুনৰ নিৰ্ধাৰণ কৰা হৈছিল। ইয়াৰ ফলত বহু সমষ্টিৰ সমীকৰণ সলনি হ’ল। পূৰ্বে বিটিআৰত ১২ টা বিধানসভা সমষ্টি আছিল। এতিয়া সমষ্টি ১৫ টালৈ বৃদ্ধি পালে। এই নতুন সমষ্টিটো হৈছে গোৰেশ্বৰ সমষ্টি। সমষ্টিবাসীয়ে লোকেল প্ৰাৰ্থী বিচাৰি থকাৰ সময়তে গোৰেশ্বৰ সমষ্টিৰ বাহিৰৰ বিভিন্ন দলৰ কেইবাগৰাকী নেতাই সমষ্টিটোৰ পৰা টিকট বিচাৰি থকাৰ কথা চৰ্চিত হৈছে।
এই সমষ্টিটোক লৈ বিজেপি আৰু বিপিএফৰ মাজত কেনেধৰণৰ বুজাবুজি থাকিব, তাৰে এটা আভাস ল’বলৈ বিপিএফ নেতা গণেশ কছাৰীৰ সৈতে এটা বিশেষ সাক্ষাৎকাৰ।
