শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ
পিতৃয়ে ভূপেন হাজৰিকাক, পুত্ৰই অসমৰ যুৱশক্তিক অপমান কৰিছে

পিতৃয়ে ভূপেন হাজৰিকাক, পুত্ৰই অসমৰ যুৱশক্তিক অপমান কৰিছে

monjit-dutta
Monjit Dutta | Published: 28 Oct 2025 16:52 PM

ৰাজ্যত স্থাপন হ’বলগীয়া ছেমিকণ্ডাক্টৰ প্ৰসংগত ‘অসমত কোনো প্ৰতিভা নাই, তথাপিও তাত কিয় ছেমিকণ্ডাক্টৰ উদ্যোগ স্থাপন কৰা হৈছে’ বুলি বিতৰ্কিত মন্তব্য কৰিছিল কংগ্ৰেছ নেতাগৰাকীয়ে। তেওঁৰ এই মন্তব্যক তীক্ষ্ণ ভাষাৰে সমালোচনা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকাৰ্জুন খৰ্গেৰ পুত্ৰ তথা কৰ্ণাটকৰ কংগ্ৰেছ মন্ত্ৰী প্ৰিয়াংক খাৰ্গেৰ বিতৰ্কিত মন্তব্যক কেন্দ্ৰ কৰি অসমত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৰাজ্যত স্থাপন বলগীয়া ছেমিকণ্ডাক্টৰ প্ৰসংগতঅসমত কোনো প্ৰতিভা নাই, তথাপিও তাত কিয় ছেমিকণ্ডাক্টৰ উদ্যোগ স্থাপন কৰা হৈছেবুলি বিতৰ্কিত মন্তব্য কৰিছিল কংগ্ৰেছ নেতাগৰাকীয়ে তেওঁৰ এই মন্তব্যক তীক্ষ্ণ ভাষাৰে সমালোচনা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

প্ৰিয়াংক খাৰ্গেৰ পিতৃ মল্লিকাৰ্জুন খৰ্গেই ভূপেন হাজৰিকাক ভাৰত ৰত্ন দিয়াৰ সময়ত অত্যন্ত লজ্জাজনক মন্তব্য কৰিছিল বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে খৰ্গে পৰিয়ালক অসম বিৰোধী আখ্যা দিয়ে পিতৃয়ে ভূপেন হাজৰিকাক অপমান কৰিছে আৰু এতিয়া পুত্ৰই অসমৰ যুৱ শক্তিক অপমান কৰিছে বুলি উল্লেখ কৰি তেওঁ লগতে কংগ্ৰেছ দলক ইয়াৰ বিৰোধিতা কৰিবলৈ আহ্বান জনায়