শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ
অৰুণাচলত দুৰ্ঘটনাস্থলীত মন্ত্ৰী বিমল বড়া, অব্যাহত উদ্ধাৰ অভিযান, নিহত শ্ৰমিকৰ পৰিয়াললৈ আৰ্থিক সাহায্য

অৰুণাচলত দুৰ্ঘটনাস্থলীত মন্ত্ৰী বিমল বড়া, অব্যাহত উদ্ধাৰ অভিযান, নিহত শ্ৰমিকৰ পৰিয়াললৈ আৰ্থিক সাহায্য

manas-borah
Manas Borah | Updated On: 12 Dec 2025 18:25 PM

তেওঁ কয় যে, পৰিস্থিতি অত্যন্ত বেদনাদায়ক হ'লেও জিলা প্ৰশাসন, ভাৰতীয় সেনা, NDRFসহ সকলোৰে সহযোগত উদ্ধাৰ অভিযান তৎপৰতাৰে চলি আছে৷ নিহত শ্ৰমিকৰ পৰিয়াললৈ ৫ লাখকৈ আৰ্থিক সাহায্য প্ৰদান কৰাৰ কথা জানিবলৈ দিছে মন্ত্ৰীগৰাকীয়ে।

অৰুণাচল প্ৰদেশৰ অঞ্জাৱ জিলাত সংঘটিত ভয়াৱহ পথ দুৰ্ঘটনাস্থলীত উপস্থিত হয় মন্ত্ৰী বিমল বড়া। তেওঁ কয় যে, পৰিস্থিতি অত্যন্ত বেদনাদায়ক হ’লেও জিলা প্ৰশাসন, ভাৰতীয় সেনা, NDRFসহ সকলোৰে সহযোগত উদ্ধাৰ অভিযান তৎপৰতাৰে চলি আছে৷ কঠিন পৰিস্থিতি, গভীৰ আৰু পথৰ বিপজ্জনক অৱস্থাৰ মাজতো উদ্ধাৰকাৰীসকলে অদম্য সাহসৰে উদ্ধাৰকাৰ্য চলাই আছে।

লগতে তেওঁ কয় যে,অৰুণাচল প্ৰদেশত সংঘটিত ভয়াৱহ পথ দুৰ্ঘটনাই সমগ্ৰ অসমবাসীক গভীৰভাৱে শোকহত কৰিছে। মৃত্যুক সাৱটি লোৱা প্ৰতিজন লোকৰ পৰিয়ালৰ সমবেদনা জনাই মন্ত্ৰীগৰাকীয়ে। তেওঁ জানিবলৈ দিয়ে যে, মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই প্ৰতিজন মৃতকৰ পৰিয়ালক ৫ লাখ টকাকৈ আৰ্থিক সহায় প্ৰদান কৰাৰ ঘোষণা কৰিছে।