Arijit Singh Teacher: অশ্ৰুসিক্ত নয়নেৰে শৈশৱৰ সংগীত গুৰুক শেষ শ্ৰদ্ধা জনালে অৰিজিৎ সিঙে
গুৰুৰ দেহাৱসানৰ খবৰ পোৱাৰ পাচতেই শোকত ভাগি পৰে অৰিজিৎ সিং, মুৰ্শিদাবাদৰ জিয়াগঞ্জৰ হাজাৰীৰ গৃহলৈ আহি শেষ যাত্ৰাতো অংশ লয় শিল্পীগৰাকীয়ে।
বিশিষ্ট সংগীত শিল্পী বীৰেন্দ্ৰ হাজাৰীৰ দেহাৱসান। বংগৰ এইগৰাকী শিল্পীয়ে সুদীৰ্ঘ সময় ধৰি সংগীতৰ শিক্ষা প্ৰদান কৰি আহিছিল। মুৰ্শিদাবাদৰ এইগৰাকী শিল্পীৰ পৰা সংগীতৰ শিক্ষা গ্ৰহণ কৰিছিল বহু বিশিষ্ট শিল্পীয়ে। তাৰ ভিতৰত অন্যতম অৰিজিৎ সিং। গুৰুৰ দেহাৱসানৰ খবৰ পোৱাৰ পাচতেই শোকত ভাগি পৰে অৰিজিৎ সিং, মুৰ্শিদাবাদৰ জিয়াগঞ্জৰ হাজাৰীৰ গৃহলৈ আহি শেষ যাত্ৰাতো অংশ লয় শিল্পীগৰাকীয়ে।
জিয়াগঞ্জৰ হাজাৰী পৰিয়ালে দীৰ্ঘসময় ধৰি বহু শিক্ষাৰ্থীক সংগীতৰ শিক্ষা দি আহিছে। এই পৰিয়ালৰ সদস্য ৰাজেন্দ্ৰ প্ৰসাদ হাজাৰী, ধীৰেন্দ্ৰ প্ৰসাদ হাজাৰী আৰু বীৰেন্দ্ৰ প্ৰসাদ হাজাৰীৰ সংগীত জগতলৈ বিশেষ অৱদান আছে।