শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ
হিন্দী ধাৰাবাহিকত আমেৰিকাৰ কোটিপতি বিল গেটছ! দিলে বিশেষ বাৰ্তা...

হিন্দী ধাৰাবাহিকত আমেৰিকাৰ কোটিপতি বিল গেটছ! দিলে বিশেষ বাৰ্তা…

trishna-kalita
Trishna Kalita | Published: 27 Oct 2025 15:55 PM

মাইক্ৰ’ছফ্টৰ সহ-প্ৰতিষ্ঠাপক তথা আমেৰিকাৰ কোটিপতি বিল গেটছক এই ধাৰাবাহিকখনত দেখা গৈছে। শুনি নিশ্চয় আচৰিত হৈছে আপুনি। আচলতে এই ধাৰাবাহিকখনত তেওঁ অভিনয় কৰা নাছিল, দুটা খণ্ডত বিশেষ অতিথি হিচাপেহে আহিছিল।

১৭ বছৰৰ দীৰ্ঘবিৰতিৰ অন্তত পুনৰ টেলিভিছনলৈ ঘূৰি আহিছে অভিনেত্ৰী তথা ৰাজনীতিবিদ স্মৃতি ইৰাণীয়ে। তেওঁৰ জনপ্ৰিয় টিভি ধাৰাবাহিক ‘Kyunki Saas Bhi Kabhi Bahu Thi 2’ৰ বৰ্তমান টি আৰ পিৰ শীৰ্ষত আছে। কিন্তু সেই ধাৰাবাহিকখনত এনে এটা ঘটনা ঘটিছে যিটো ভাৰতীয় টেলিভিছনৰ ইতিহাসত ‘ঐতিহাসিক মুহূৰ্ত’ হিচাপে ৰৈ যাব।

মাইক্ৰ’ছফ্টৰ সহ-প্ৰতিষ্ঠাপক তথা আমেৰিকাৰ কোটিপতি বিল গেটছক এই ধাৰাবাহিকখনত দেখা গৈছে। শুনি নিশ্চয় আচৰিত হৈছে আপুনি। আচলতে এই ধাৰাবাহিকখনত তেওঁ অভিনয় কৰা নাছিল, দুটা খণ্ডত বিশেষ অতিথি হিচাপেহে আহিছিল।  সামাজিক সচেতনতাৰ (Social Awareness) এক গুৰুত্বপূৰ্ণ বাৰ্তা প্ৰেৰণৰ বাবে এই বিশেষ খণ্ডটো সৃষ্টি কৰা হৈছে। জানিব পৰা মতে, তুলসী ওৰফে স্মৃতি ইৰাণী আৰু বিল গেটছৰ মাজত মূলতঃ মাতৃ আৰু নৱজাতকৰ স্বাস্থ্য সম্পৰ্কে কথা-বতৰা হৈছিল। বিল এণ্ড মেলিণ্ডা গেটছ ফাউণ্ডেশ্যনৰ কামৰ সৈতেও ইয়াৰ সম্পৰ্ক আছে।