Charaideo: জনজাতিকৰণৰ দাবীৰে চৰাইদেউ জিলাৰ সোণাৰিত ব্যাপক প্ৰতিবাদ…
পুনৰ প্ৰতিবাদত কপি উঠিল সোণাৰি। হাজাৰ হাজাৰ লোকে জনজাতিকৰণৰ দাবীত এই প্ৰতিবাদ সাব্যস্ত কৰে। চৰকাৰে প্ৰতিবাদকাৰীৰ দাবী পূৰণ নকৰিলে আগন্তুক সময়ত প্ৰতিবাদ ডাঙৰ কৰাৰ হুংকাৰ।
পুনৰ জনজাতিকৰণৰ দাবীত কপি উঠিল চৰাইদেউ জিলাৰ সদৰ সোণাৰি। সোমবাৰে চৰাইদেউ জিলা চাওঁতাল ছাত্ৰ সন্থাৰ লগতে চৰাইদেউবাসী চাওঁতাল জনগোষ্ঠীৰ তিনি সহস্ৰাধিক লোকে এই প্ৰতিবাদ সাব্যস্ত কৰে। জনজাতি কৰণৰ দাবীত সোণাৰিৰ ৰাজপথ ওলাই আহে হাজাৰ হাজাৰ জনতা। আগন্তুক ২৫ তাৰিখৰ ভিতৰত জনজাতিকৰণ সুকীয়াভাৱে প্ৰদান কৰিবলৈ দাবী জনাই প্ৰতিবাদকাৰীসকলে। এনে নকৰিলে অসম তথা ভাৰত চৰকাৰকৰ বিৰুদ্ধে ব্যাপক আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিয়ে প্ৰতিবাদকাৰীসকলে।
উল্লেখ্য যে, দীৰ্ঘদিন ধৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তত জনজাতিকৰণৰ দাবীত প্ৰতিবাদ সাব্যস্ত হৈ আছে। ইয়াৰ মাজতে আজি সোণাৰিত প্ৰতিবাদ হয়। গতিকে চৰকাৰে তেওঁলোকৰ দাবী মানি লয় নে নলয় সেয়া পৰৱৰ্তী সময়ত পোহৰলৈ আহিব। ইয়াৰোপৰি আগন্তুক সময়ত প্ৰতিবাদে ভয়ংকৰ ৰূপ লোৱাৰ সম্ভাৱনা আছে।
Latest Videos
