শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ
দুৰ্ঘটনাগ্ৰস্ত ‘খিলাড়ী’ দম্পতীৰ বাহন, অটোৰ খুন্দাত বাগৰিল মাৰ্চিডিজ

দুৰ্ঘটনাগ্ৰস্ত ‘খিলাড়ী’ দম্পতীৰ বাহন, অটোৰ খুন্দাত বাগৰিল মাৰ্চিডিজ

Monjit Dutta
Monjit Dutta | Updated On: 20 Jan 2026 20:58 PM

আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ আহতসকলক চিকিৎসালয়লৈ প্ৰেৰণ কৰাৰ লগতে ঘটনাটোৰ তদন্ত আৰম্ভ কৰিছে। এই শিহৰণকাৰী দুৰ্ঘটনাৰ দৃশ্য ইতিমধ্যে সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে। এই সন্দৰ্ভত চাওক ভিডিঅ’ প্ৰতিবেদন...

সোমবাৰে নিশা মুম্বাইৰ জুহুত এক ভয়াৱহ পথ দুৰ্ঘটনাৰ পৰা কথমপি ৰক্ষা পৰে বলীউডৰ অভিনেতা অক্ষয় কুমাৰ আৰু পত্নী টুইংকল খান্না। নিশা প্ৰায় ৯ বজাত তেওঁলোকৰ কনভয়ত এখন তীব্ৰবেগী অটোৰিক্সাই নিয়ন্ত্ৰণ হেৰুৱাই প্ৰচণ্ড জোৰে খুন্দা মাৰে। সংঘৰ্ষৰ ফলত অভিনেতাগৰাকীৰ বিলাসী মাৰ্চিডিজ গাড়ীখন পথৰ কাষত বাগৰি পৰে আৰু দুয়োখন বাহনেই চূৰ্ণ-বিচূৰ্ণ হয়। দুৰ্ঘটনাৰ সময়ত অক্ষয় আৰু টুইংকল পিছফালে থকা ইনোভা বাহনখনত থকাৰ বাবে কোনো আঘাত নোপোৱাকৈ ৰক্ষা পৰে। অৱশ্যে অটো চালকজনৰ লগতে এজন যাত্ৰী গুৰুতৰভাৱে আহত হয়।

আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ আহতসকলক চিকিৎসালয়লৈ প্ৰেৰণ কৰাৰ লগতে ঘটনাটোৰ তদন্ত আৰম্ভ কৰিছে। এই শিহৰণকাৰী দুৰ্ঘটনাৰ দৃশ্য ইতিমধ্যে সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে। এই সন্দৰ্ভত চাওক ভিডিঅ’ প্ৰতিবেদন…