শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ
'চাহ শ্ৰমিকক ভূমি পট্টা প্ৰদানৰ বাবে অসমৰ ইতিহাসতেই প্ৰথম মাত মতা সংগঠনটো কৃষক মুক্তি সংগ্ৰাম সমিতি' - অখিল গগৈ

‘চাহ শ্ৰমিকক ভূমি পট্টা প্ৰদানৰ বাবে অসমৰ ইতিহাসতেই প্ৰথম মাত মতা সংগঠনটো কৃষক মুক্তি সংগ্ৰাম সমিতি’ – অখিল গগৈ

manas-borah
Manas Borah | Published: 06 Dec 2025 21:16 PM

তেওঁ কয় যে,২০০২ চনৰ পৰা অসমৰ ইতিহাসত প্ৰথমবাৰৰ বাবে চাহ শ্ৰমিকসকলৰ মাটি পট্টা প্ৰদানৰ দাবী উত্থাপন কৰিছিল কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে।

চাহ শ্ৰমিকসকলৰ মাটিৰ পট্টা দিয়াৰ বাবে প্ৰথম দাবী উত্থাপন কৰা সংগঠন হৈছে কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু চাহ শ্ৰমিক মুক্তি সংগ্ৰাম সমিতি। এই দাবী উত্থাপন কৰিছে ৰাইজৰ দলৰ সভাপতি তথা বিধায়ক অখিল গগৈয়ে। তেওঁ কয় যে,২০০২ চনৰ পৰা অসমৰ ইতিহাসত প্ৰথমবাৰৰ বাবে চাহ শ্ৰমিকসকলৰ মাটি পট্টা প্ৰদানৰ দাবী উত্থাপন কৰিছিল কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে।

তেওঁ কয়, “২০০৫ চনত যেতিয়া কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে সংবিধান গ্ৰহণ কৰিছিল, তেতিয়া সংবিধানৰ প্ৰথম পৃষ্ঠাতে চাহ শ্ৰমিকসকলৰ লাইনৰ মাটিৰ পট্টা দিব লাগে আৰু শোলা মাটিৰ পট্টা দিব লাগে প্ৰথম দাবী উত্থাপন কৰিছিল কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে।” চাহ শ্ৰমিক মুক্তি সংগ্ৰাম সমিতিৰ প্ৰথম সাধাৰণ সম্পাদক মুক্তি গোৱালা আৰু তেওঁ প্ৰথমবাৰৰ বাবে চাহৰ শ্ৰমিকক বাগানৰ লাইনৰ মাটি দিব লাগে বুলি দাবী উত্থাপন কৰাৰ কথা সদৰী কৰে অখিল গগৈয়ে।