ধেমাজি বিধানসভা সমষ্টিত বিজেপি দুৰ্গ ভাঙিবলৈ সাজু অসম জাতীয় পৰিষদ…

Nov 24, 2025 | 4:40 PM

AJP Candidate: বিধানসভা নিৰ্বাচনৰ প্ৰাৰ্থী ঘোষণা অসম জাতীয় পৰিষদৰ। ধেমাজিৰ সমষ্টিৰ বাবে প্ৰাৰ্থী ঘোষণা। এজেপিৰ ভাতৃ সংগঠন জাতীয় যুৱ শক্তি ধেমাজি জিলা সমিতিৰ সংবাদমেলৰ জৰিয়তে ঘোষণা।

ধেমাজি বিধানসভা সমষ্টিত বিজেপি দুৰ্গ খহাবলৈ সাজু অসম জাতীয় পৰিষদ। ৰনোজ পেগুৰ গৃহ সমষ্টি গোগামুখত সংবাদ মেল সম্বোধন জাতীয় যুৱ শক্তি ধেমাজি জিলা সমিতিৰ। এইবাৰ ধেমাজি বিধানসভা সমষ্টিত অসম জাতীয় পৰিষদৰ পৰা নিজাববীয়াকৈ প্ৰাৰ্থীত্ব আগবঢ়াব দলটোয়ে।

মিচিং ভোটাৰৰ মাজত সক্ৰিয় নৰেন কুমাৰ পাৱৰ নাম ঘোষণা।ধেমাজি বিধানসভা সমষ্টিত অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী হ’ব নৰেন কুমাৰ পাৱ। এই ঘোষণা অসম জাতীয় পৰিষদৰ ভাতৃ সংগঠন জাতীয় যুৱ শক্তিৰ। কংগ্ৰেছৰ সৈতে জোঁট বন্ধন কৰি প্ৰাৰ্থীত্ব আগবঢ়াব অজাপই। ২৬ৰ বিধানসবা নিৰ্বাচনত ৰনোজ পেগুৰ প্ৰতিদ্বন্দী হ’ব নৰেন কুমাৰ পাও।

সবিশেষৰ বাবে চাওক ভিডিঅ’…