শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos
এনেকৈ আৰু নহ'ব... কিহৰ ক্ষোভ উজাৰিলে ঐশ্বৰ্য ৰায় বচ্চনে?

এনেকৈ আৰু নহ’ব… কিহৰ ক্ষোভ উজাৰিলে ঐশ্বৰ্য ৰায় বচ্চনে?

barasha-misra
Barasha Misra | Published: 20 Aug 2025 22:34 PM

এই ব্ৰেণ্ড বাৰ্তা আজিৰ ডিজিটেল যুগত আত্ম-মূল্যবোধৰ ওপৰত আৱদ্ধ। ভিডিঅ’টোত খোলা চুলি আৰু বগা চাৰ্ট পিন্ধি অভিনেত্ৰীগৰাকীক আকৰ্ষণীয় দেখা গৈছে। তেওঁ কয়, "মই ইয়াৰ যোগ্য, কিন্তু প্ৰকৃততে ইয়াক কিহে নিৰ্ধাৰণ কৰে? পোষ্ট কৰা ফটোৰ ধৰণ?

বিশ্ববাসীৰ বাবে ঐশ্বৰ্য ৰায় বচ্চনৰ এক নতুন বাৰ্তা। নিজৰ মূল্য জানক আৰু ছ’চিয়েল মিডিয়া ট্ৰলিঙৰ ওচৰত হাৰ নামানিব… দীৰ্ঘদিনীয়া ব্ৰেণ্ড এম্বেছাদৰ ঐশ্বৰ্যক লৈ এটা বিজ্ঞাপন সংস্থাই শ্বেয়াৰ কৰিছে এটা নতুন ভিডিঅ’।

এই ব্ৰেণ্ড বাৰ্তা আজিৰ ডিজিটেল যুগত আত্ম-মূল্যবোধৰ ওপৰত আৱদ্ধ। ভিডিঅ’টোত খোলা চুলি আৰু বগা চাৰ্ট পিন্ধি অভিনেত্ৰীগৰাকীক আকৰ্ষণীয় দেখা গৈছে। তেওঁ কয়, “মই ইয়াৰ যোগ্য, কিন্তু প্ৰকৃততে ইয়াক কিহে নিৰ্ধাৰণ কৰে? পোষ্ট কৰা ফটোৰ ধৰণ? লাইকৰ সংখ্যা? নে ছ’চিয়েল মিডিয়াত দিয়া মন্তব্য? আমি এইবোৰক অত্যধিক ক্ষমতা দিছো নিজৰ মূল্য নিৰ্ধাৰণ কৰাত।”

“ছ’চিয়েল মিডিয়া আৰু সমাজৰ চাপৰ মাজত বিশেষ পাৰ্থক্য নাই। এগৰাকী মহিলা আৰু এগৰাকী মাতৃ হিচাপে ই মনক কিমান প্ৰভাৱিত কৰিব পাৰে সেয়া অতি চিন্তনীয়। স্পষ্টকৈ ক’বলৈ গ’লে প্ৰাপ্তবয়স্কসকলো প্ৰভাৱিত হয়। য’ত প্ৰতিটো লাইক আৰু কমেণ্ট মানুহৰ আত্মমূল্যৰ মাপকাঠী হৈ পৰে।”

সবিশেষৰ বাবে চাওক এই ভিডিঅ’…